বিহাৰৰ ছিৱান জিলাৰ এগৰাকী মহিলা ফুলজাহা খাটুন ৷ বিহাৰৰ ছিৱান নামৰ ঠাইখনৰ সদৰ হাস্পতালত ২৮ অক্টোবৰৰ দিনা ফুলজাহাই ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰিলে তিনি কন্যা আৰু দুই পুত্ৰ অৰ্থাৎ পাঁচটি সন্তান৷ পাঁচটি সন্তান একেলগে প্ৰসৱ কৰি ফুলজাহাই আশ্চৰ্য্যচকিত কৰিছে চিকিৎসককে আদি কৰি বিহাৰৰ সৰ্বসাধাৰণ ৰাইজক৷সম্প্ৰতি পাঁচোটি সন্তান আৰু মাতৃ ফুলজাহা সুস্থ অৱস্থাত আছে আৰু চিকিৎসক সকলৰ সম্পূৰ্ণ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে৷
অৱশ্যে একেসময়তে কেইবাটিও সন্তান প্ৰসৱ কৰা এয়ে প্ৰথম নহয় ৷এই বৰ্ষতে জুলাই মাহত উত্তৰ প্ৰদেশৰ বাৰাংবাকী জিলাত এগৰাকী মহিলাই প্ৰসৱ কৰিছিল চাৰিটিকৈ সন্তান৷কিন্তু বিহাৰৰ ছিৱান জিলাত এই ঘটনা এইবাৰেই প্ৰথম ৷ ফুলজাহা পাঁচটি সন্তান একেলগে প্ৰসৱ কৰা ছিৱানৰ প্ৰথম গৰাকী মহিলা৷