২৪ ঘন্টা পূৰ্বে খবৰ ওলাইছিল যে আঘাতৰ বাবে সূৰ্য্যকুমাৰ যাদৱে আই পি এল খেলিব নোৱাৰিব। এইবাৰ মুম্বাই ইণ্ডিয়ানছ শিবিৰত আন এক জোকাৰণি সৃষ্টি কৰিছে । কিছুদিন পূৰ্বে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে ঘোষণা কৰিছিল। কিন্তু আঘাতৰ বাবে হয়তো অহা ছিজনত হাৰ্ডিকে আই পি এল খেলিব নোৱাৰিব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিশ্বকাপৰ সময়ত গোৰোহাত পোৱা আঘাতৰ পৰা এতিয়াও সুস্থ হ’ব হোৱা নাই হাৰ্দিক। সেইবাবেই তেওঁক বিশ্বকাপৰ পাছত ভাৰতীয় ক্ৰিকেট দলত অন্তভূর্ক্ত কৰা হোৱা নাই ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণত তেওঁক লোৱা হোৱা নাছিল। জানুৱাৰীত আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিব নোৱাৰিবও পাৰে হার্দিকে।
অহা বছৰৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব আই পি এল। সেই সময়লৈকে হাৰ্দিকে পুনৰ খেলপথাৰত নামিব পাৰিবনে নাই তাক লৈ সন্দেহ সৃষ্টি হৈছে । শুকুৰবাৰে জানিব পৰা মতে ভৰিৰ আঘাত ভাল হ’বলৈ সূৰ্য্যকুমাৰকো সময়ৰ প্ৰয়োজন হ’ব। আই পি এলত দলৰ দুজন গুৰুত্বপূৰ্ণ খেলুৱৈ নাথাকিলে বিপদত পৰিব মুম্বাই।
আই পি এলৰ নিলামৰ পূৰ্বে হাৰ্দিকক নাটকীয়ভাৱে মুম্বাইয়ে ক্ৰয় কৰিছিল ৷ নিলামৰ ঠিক পূৰ্বে মুম্বাইয়ে ঘোষণা কৰিছিল যে অহা ছিজনত হাৰ্দিকে মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্ব দিব। পাঁচবাৰৰ ট্ৰফী বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক এই অধিনায়কৰ পৰা আঁতৰাই দিয়া হয়। এতিয়া যদি হাৰ্দিকে সঁচাকৈয়ে আই পি এল খেলিব নোৱাৰে তেন্তে মুম্বাইয়ে অধিনায়ক সলনি কৰিব লাগিব। তেনে ক্ষেত্ৰত ৰোহিতক পুনৰ দায়িত্ব দিয়া হয় নে মুম্বাইয়ে নতুন কাৰোবাৰ নাম ঘোষণা কৰে সেয়া লক্ষণীয় হ’ব ৷