বহু প্ৰতীক্ষাৰ অন্তত সম্পন্ন হ’ল আই পি এল নিলাম ৷ তাৰকা ক্ৰিকেটাৰসকলক ক্ৰয় কৰাৰ বাবে দলসমূহে ব্যয় কৰিলে কোটি কোটি টকা ৷ কিন্তু ইয়াৰ মাজতে বিক্ৰী নোহোৱাকৈ থাকি গ’ল একাংশ শীর্ষ ক্ৰিকেটাৰ ৷ যাক লৈ আচৰিত হৈ পৰিছে ক্ৰিকেটপ্ৰেমীসকল ৷ উল্লেখ্য যে ঈশান কিষাণক আই পি এল নিলামত সর্বাধিক মূল্যত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে ৷ কিষাণক ১৫.২৫ কোটি টকাত তেওঁলোকে ক্ৰয় কৰে ৷ । মুঠ ২০৪ জন খেলুৱৈক ক্ৰয় কৰে বিভিন্ন দলে ৷ ইয়াৰ বাবদ ১০ টা ফ্ৰেঞ্চাইজিৰ দ্বাৰা ৫৫১.৭০ কোটি টকা ব্যয় কৰা হয় ৷ আই পি এল নিলামত বিক্ৰী নোহোৱাকৈ থাকি যোৱা শীর্ষ ১০ জন ক্ৰিকেটাৰৰ বিষয়ে জানো আহঁকচোন ৷
সুৰেশ ৰাইনা (আধাৰ মূল্য 2 কোটি টকা):
আই পি এলত সর্বাধিক ৰাণ সংগ্ৰহকাৰী তালিকাত চতুর্থস্থানত থকা বাঁওহতীয়া খেলুৱৈজনক ক্ৰয় কৰিবলৈ কোনো এটা দলে আগ্ৰহ প্ৰকাশ নকৰিলে ৷ তেওঁ ২০৫ খন মেচত গড়ে ৩২.৫১ ৰাণকৈ মুঠ ৫,৫২৮ ৰাণ সংগ্ৰহ কৰিছে। বিৰাট কোহলী, শিখৰ ধাৱান আৰু ৰোহিত শৰ্মাৰ পিছতেই এই তালিকাত স্থান দখল কৰিছে ৰাইনাই ৷
ষ্টিভ স্মিথ (আধাৰ মূল্য 2 কোটি টকা)
অষ্ট্ৰেলিয়াৰ ৰান-মেচিন হিচাপে খ্যাত ষ্টিভ স্মিথক আশ্চৰ্যজনকভাৱে আই পি এল নিলাম ২০২২ ত কোনেও ক্ৰয় নকৰিলে । তেওঁৰ সামগ্ৰিক অভিজ্ঞতাই দলক সহায় কৰাৰ অৱকাশ আছিল যদিও কোনেও তেওঁৰ ওপৰত মূল্য প্ৰদানৰ সিদ্ধান্ত লোৱা নাছিল।
চাকিব আল হাছান (২ কোটি টকাৰ আধাৰ মূল্য):
আইচিচিৰ এদিনীয়া ৰেংকিঙত শীৰ্ষস্থানত আৰু আইচিচিৰ টি-২০ ৰেংকিঙত দ্বিতীয় স্থানত থকা বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰজনক কোনেও ক্ৰয় নকৰিলে ৷ বেটিং আৰু বলিঙত তেওঁৰ দক্ষতা থকা স্বত্বেও কোনো দলে চাকিবৰ বাবে নিবিদা দিয়া নাছিল।আই পি এল ২০২১ ত তেওঁৰ দুৰ্বল প্ৰদর্শনে হয়তো ইয়াৰ অন্যতম কাৰণ ৷ কেকেআৰৰ হৈ খেলি চাকিবে আঠখন মেচত মাত্ৰ ৪৭ ৰাণ সংগ্ৰহ কৰে আৰু মাত্ৰ চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয়।
আদিল ৰছিদ (২ কোটি টকাৰ আধাৰ মূল্য):
বৰ্তমান টি-২০ খেলৰ আটাইতকৈ শীৰ্ষ বলাৰসকলৰ মাজৰ এজন হোৱা সত্বেও আদিল ৰছিদক কোনেও ক্ৰয় নকৰিলে ৷
ইমৰান তাহিৰ (২ কোটি টকাৰ আধাৰ মূল্য):
দক্ষিণ আফ্ৰিকাৰ অভিজ্ঞ স্পিনাৰজনৰ বয়স এতিয়া ৪২ বছৰ ৷ যাৰ বাবে নিলামত কোনো ক্ৰেতা বিচাৰি নোপোৱাৰ কাৰণ হ’ব পাৰে। আনকি যোৱা বছৰো তাহিৰে চেন্নাই চুপাৰ কিংছৰ হৈ মাত্ৰ এখন মেচ খেলিবলৈ সুযোগ পাইছিল ৷
এৰন ফিঞ্চ (আধাৰ মূল্য 1.50 কোটি টকা):
অষ্ট্ৰেলিয়াৰ অধিনায়কজনে আই পি এলত তেওঁৰ প্ৰতিভাৰ আভাস দেখুৱাইছে কিন্তু ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিবলৈ ব্যর্থ হৈছে। ফিঞ্চে ২০২০ চনত আৰচিবিৰ হৈ খেলি ১২ খন খেলত ২৬৮ ৰাণ সংগ্ৰহ কৰিছিল ৷
দাৱিদ মালান (১.৫০ কোটি টকাৰ আধাৰ মূল্য):
আইচিচি টি-২০ৰ শীৰ্ষ বেটচমেনৰ স্থান শেহতীয়াকৈ স্থান অৱনমিত হৈছে ৷ তেওঁ যোৱা ছিজনত পাঞ্জাৱ কিংছত যোগদান কৰিছিল যদিও এখন মেচ খেলিবলৈ পাইছিল য’ত তেওঁ ২৬ ৰাণ সংগ্ৰহ কৰিছিল।
ইয়ন মৰ্গান (আধাৰ মূল্য 1.50 কোটি টকা):
ইংলেণ্ডৰ ক্ৰিকেটাৰজনে আই পি এল ২০২১ -ত কলকাতা নাইট ৰাইডাৰ্ছক ফাইনেললৈ লৈ গৈছিল ৷ য’ত তেওঁলোক চেন্নাই চুপাৰ কিংছৰ হাতত পৰাজিত হৈছিল। খেলুৱৈজনে ১৭ খন খেলত ১১.০৮ গড়ে মাত্ৰ ১৩৩ ৰাণ সংগ্ৰহ কৰে।
ক্ৰিছ লিন (আধাৰ মূল্য 1.50 কোটি টকা):
তেওঁক মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২১ত ২ কোটি টকাত ক্ৰয় কৰিছিল ৷ তেওঁ ১৪০ ৰাণৰ ষ্ট্ৰাইক-ৰেটত ৪৯ ৰাণ সংগ্ৰহ কৰিছিল। এইবাৰে কোনো দলে তেওঁক ক্ৰয় নকৰিলে ৷
তাব্ৰাইজ চামচি (1 কোটি টকাৰ আধাৰ মূল্য):
টি-২০ ফৰ্মেটত, চামচি হৈছে দ্বিতীয় স্থান দখল কৰি তকা বলাৰ ৷ তৎসত্বেও তেওঁক দলসমূহে আচৰিতভাৱে ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুওৱা নাছিল ।