নেপালৰ পৰা পুনৰ সন্ধানহীন হৈছে এগৰাকী পর্বতাৰোহী ৷ নেপালস্থিত বিশ্বৰ অষ্টমটো ওখ শৃংগ আৰোহন কৰাৰ সময়তে সন্ধানহীন হৈছে আমেৰিকাৰ প্ৰখ্যাত স্কি পৰ্বতাৰোহী হিলাৰী নেলছন ৷ নেপালৰ মানসলু পৰ্বতত নিৰুদ্দেশ হৈছে আমেৰিকাৰ প্ৰখ্যাত স্কি পৰ্বতাৰোহী গৰাকী ৷ তেওঁ সন্ধানহীন হোৱাৰ দিনাই একেটা শৃংগতে হিমস্খলনত এজন নেপালী পৰ্বতাৰোহী নিহত হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে তেওঁৰ সংগী জিম মৰিছনৰ সৈতে বিশ্বৰ অষ্টম সৰ্বোচ্চ পৰ্বতটোৰ শিখৰত সফলতাৰে উপনীত হোৱাৰ পিছত নেলচনে মানাছলুত স্কি কৰি আছিল।
এই অভিযানৰ আয়োজন কৰা শ্বাংগ্ৰী-লা নেপাল ট্ৰেকছৰ জিবান ঘিমিৰে জনোৱা মতে কালি নামি অহাৰ সময়ত তেওঁৰ দুৰ্ঘটনা হৈছিল। একেদিনাই ৮১৬৩ মিটাৰ (২৬,৭৮১ ফুট) দৈৰ্ঘ্যৰ এই পৰ্বতখনৰ ৩ আৰু ৪ নং শিবিৰৰ মাজত হিমস্খলনৰ ফলত এজন নেপালী পৰ্বতাৰোহী নিহত হোৱাৰ লগতে আন এক ডজন লোক আহত হয় বুলি চৰকাৰৰ পৰ্যটন বিভাগে প্ৰকাশ কৰিছে।
এই বছৰ মানসলুৰ শিখৰত উপনীত হ’বলৈ চেষ্টা কৰা ৪০৪ জন পৰ্বতাৰোহীক অহৰহ বৰষুণ আৰু হিমবাহৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছিল ৷ পৰিস্থিতিৰ বাবে সোমবাৰে হেলিকপ্টাৰে উৰিব পৰা নাছিল।মঙলবাৰে বতৰৰ উন্নতি হৈছে আৰু নেলছনৰ দুৰ্ঘটনা সংঘটিত হোৱা ঠাইলৈ এখন হেলিকপ্টাৰ ৰাওনা হৈছে। ৪৯ বছৰীয়া নেলছন দুটা দশক ধৰি পর্বতাৰোহনৰ ক্ষেত্ৰখনত সফলতাৰে কাম কৰি আহিছে ৷ ২০১২ চনত তেওঁ ২৪ ঘণ্টাৰ ভিতৰতে বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট আৰু ইয়াৰ কাষৰীয়া ল’ট্চে শীৰ্ষত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ নেচনেল জিঅ’গ্ৰাফিক এডভেঞ্চাৰ বঁটা লাভ কৰে। নেপালত বিশ্বৰ ১৪টা উচ্চতম শৃংগৰ ভিতৰত আঠটা শৃংগ আছে ৷ বিদেশী পৰ্বতাৰোহী দেশখনৰ বাবে ৰাজহৰ এক প্ৰধান উৎস।