টিকিঅ‘ অলিম্পিকত পদক জয় কৰি ইতিমধ্যে দেশবাসীৰ নয়নৰ মনি হৈ পৰা উত্তৰ পূৰ্বাঞ্চলৰ মীৰাবাঈ চানু আৰু লাভলীনা বৰগোঁহাইক ৰাজ্য চৰকাৰৰ লগতে উত্তৰ প্ৰদেশ চৰকাৰে নগদ ধনৰ উপহাৰ প্ৰদান কৰিব।
জানিব পৰা মতে অলিম্পিক পদক বিজয়ী প্ৰতি গৰাকী খেলুৱৈক উত্তৰ প্ৰদেশ চৰকাৰে প্ৰদান কৰিব কোটি টকাৰ উপহাৰ।
সেইমৰ্মে বৃ্হস্পতি বাৰে এক অনুষ্ঠানত দেশৰ ৭ গৰাকী পদক প্ৰাপ্ত খেলুৱৈক আনুষ্ঠানিকভাৱে ধনৰ উপহাৰ আগবঢ়াই যোগী চৰকাৰে।
অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাক ২ কোটি টকা, ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানু,ৰবি দাহিয়াক ১.৫ কোটি টকা অসমৰ লাভলীনাকে ধৰি আন তিনি গৰাকী ব্ৰঞ্জ পদক বিজয়ীক ১ কোটি ধনৰ উপহাৰ প্ৰদান কৰে।
অৰ্থাৎ সোণৰ পদক বিজয়ীক ২ কোটি, ৰূপৰ পদক বিজয়ীক ১.৫ কোটি আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যোগী আদিত্যৰাজ চৰকাৰে।