এদিনীয়াত ভাৰতৰ সর্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অভিলেখ ৰচনা কৰিছে বিৰাট কোহলীয়ে ৷ বুধবাৰে ৩৩ বছৰীয়া খেলুৱৈগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাৰ্লৰ বোলেণ্ড পাৰ্কত অনুষ্ঠিত তিনিখন খেলৰ শৃংখলাৰ চলিত প্ৰথমখন এদিনীয়াত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগে লগে বিৰাটে ভংগ কৰিলে কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷ মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে এদিনীয়াত ৫,০৬৫ ৰাণ সংগ্ৰহ কৰিছিল।তদুপৰি ভাৰতৰ হৈ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে ১২৪ টা ইনিংছত ৪৫২০ ৰাণ, ৰাহুল দ্ৰাবিড়ে ১১০ টা ইনিংছত ৩৯৯৮ ৰাণ, আৰু সৌৰভ গাংগুলীয়ে ১০৫ ইনিংছত ৩৪৬৮ ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ উপৰি আন এক অভিলেখ ৰচনা কৰিছে কোহলীয়ে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচত দ্বিতীয় সর্বাধিক ৰাণ সংগ্ৰহকাৰী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে কোহলী ৷ এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰিছে ৰাহুল ড্ৰাৱিড় আৰু সৌৰভ গাংগুলীক ৷ খেলখনত কোহলীয়ে ২৬ ৰাণ সংগ্ৰহ কৰাৰ পিছত ৰাহুল দ্ৰাবিড়ৰ ১৩০৯ ৰাণ আৰু সৌৰভ গাংগুলীৰ ১৩১৩ ৰাণৰ অভিলেখ ভংগ কৰে ৷ উল্লেখ্য যে যোৱা সপ্তাহত কোহলীয়ে ভাৰতৰ টেষ্ট অধিনায়কৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।কোহলীয়ে ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে সৰ্বাধিক ৬৮ টেষ্ট খেলত অৱতীৰ্ণ হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷