দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাত নতুন অভিলেখ গঢ়িব পাৰে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু উইকেটকীপাৰ ঋষভ পন্তে ৷ অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব তিনিখন খেলৰ টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ সময়ত ভাল প্ৰদর্শন কৰিবলৈ সক্ষম হ’লে কোহলীয়ে টেষ্ট মেচত ৮,০০০ ৰাণ কৰা তৃতীয় দ্ৰুততম বেটছমেন হিচাপে বিবেচিত হ’ব ৷ ৷ আনহাতে, পণ্টে প্ৰাক্তন অধিনায়ক এম এছ ধোনীক উইকেট দখলৰ সংখ্যাৰ ক্ষেত্ৰত অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷
টেষ্ট শৃংখলাত ১৯৯ ৰাণ কৰিলেই কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিব ৷ ইয়াৰ পূর্বে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ভিভিএছ লক্ষ্মণ আৰু বীৰেন্দ্ৰ ছেহৱাগে এই কৃতিত্ব অর্জন কৰিছিল ৷ বিগত ২ বছৰতকৈ অধিক কাল আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাত ব্যর্থ হোৱা কোহলীয়ে চুপাৰস্পৰ্ট পাৰ্কত অনুষ্ঠিত হ’বলগীয়া টেষ্টৰ প্ৰথম ইনিংছত ১৯৯ ৰাণ কৰিবলৈ সক্ষম হ’লে তেওঁ টেণ্ডুলকাৰ (১৫৪ ইনিংছ), দ্ৰাবিড় (১৫৮ ইনিংছ) আৰু ছেহৱাগ (১৬০ ইনিংছ)ৰ পিছত তৃতীয় ভাৰতীয় ক্ৰিকেটাৰ হিচাপে বিবেচিত হ’ব ৷ যোৱা দুবছৰ ধৰি টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰাত ব্যর্থ হোৱা কোহলীৰ প্ৰদর্শনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব অনুৰাগীয়ে ৷ সামগ্ৰিকভাৱে টেষ্ট ক্ৰিকেটত ৮,০০০ ৰাণ সংগ্ৰহ কৰা কোহলী হ’ব বিশ্বৰ ৩৩ তম বেটছমেন। কোহলীয়ে বর্তমানলৈ ৯৭ খন টেষ্টত ৭,৮০১ ৰাণ সংগ্ৰহ কৰিছে।
ইফালে, ঋষভ পন্তে ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ টেষ্টত লোৱা উইকেটৰ অভিলেখ ভংগ কৰিব পাৰে। পন্তে ৩ টা উইকেট ল’বলৈ সক্ষম হ’লেই ধোনীৰ অভিলেখ অতিক্ৰম কৰিব পাৰিব ৷ পণ্টে বৰ্তমানলৈ ২৫ খন টেষ্টত ৯৭ উইকেট দখল কৰিছে ৷