দেওবাৰে নিশা মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত এমাহজোৰা টি-২০ বিশ্বকাপ ২০২২ৰ সামৰণি পৰে আৰু ইংলেণ্ডে দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰে ৷ জ’ছ বাটলাৰৰ নেতৃত্বত দলটোৱে ফাইনেলত পাকিস্তানক পৰাজিত কৰে ৷ ফাইনেলৰ এদিন পিছতে আইচিচিয়ে টি-২০ বিশ্বকাপৰ টিম অৱ দ্য টুৰ্ণামেণ্টৰ খেলুৱৈসকলৰ নাম প্ৰকাশ কৰে।
দলটোত আছে চেম্পিয়ন ইংলেণ্ড দলৰ চাৰিজন, পাকিস্তান আৰু ভাৰতৰ দুজনকৈ আৰু দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নিউজিলেণ্ডৰ এজনকৈ খেলুৱৈ। আইচিচিয়ে দলটোত ১২ নং খেলুৱৈকো অন্তৰ্ভুক্ত কৰিছে ৷ ১২ নম্বৰ স্থানো লাভ কৰিছে এজন ভাৰতীয়ই ৷
ভাৰতৰ পৰা টিম অৱ দ্য টুৰ্ণামেণ্টৰ মূল একাদশত স্থান লাভ কৰিছে বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱে ৷ বিশ্বকাপত অষ্ট্ৰেলিয়াত ২৯৬ ৰান সংগ্ৰহ কৰি কোহলীয়ে টি-২০ বিশ্বকাপ সংস্কৰণত দ্বিতীয়বাৰৰ বাবে আগশাৰীৰ ৰান সংগ্ৰহকাৰী হিচাপে খ্যাতি লাভ কৰিছে ৷
১৮৯.৬৮ৰ বিশাল ষ্ট্ৰাইক ৰেটত ২৩৯ ৰান সংগ্ৰহ কৰি দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে বিবেচিত হোৱা সূৰ্য্যকুমাৰ হৈছে মূল একাদশত স্থান দখল কৰা ভাৰতৰ আনজন বেটছমেন। এই প্ৰতিযোগিতাখনত তেওঁ বেটছমেনৰ আইচিচি টি-২০ ৰেংকিঙতো শীৰ্ষ স্থানলৈ উন্নীত হয়।
অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পিছত আইচিচিয়ে দলটোৰ দ্বাদশ খেলুৱৈ হিচাপে হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰে ৷ য’ত তেওঁ ছখন মেচত ৮টা উইকেট দখল কৰাৰ লগতে দলটোৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰীও হিচাপেও বিবেচিত হৈছে ।
টিম অৱ দ্য টুৰ্ণামেণ্ট: এলেক্স হেলছ, জ’ছ বাটলাৰ, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, গ্লেন ফিলিপছ, চিকন্দৰ ৰাজা, ছাদাব খান, ছেম কাৰাণ, এনৰিক নৰ্টজে, মাৰ্ক উড, শ্বাহীন শ্বাহ আফ্ৰিদি। (দ্বাদশ খেলুৱৈ – হাৰ্দিক পাণ্ডিয়া)