টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত অনুশীলন অবিহনে খেলিব লাগিব নেকি বিৰাট কোহলীয়ে? টি-২০ বিশ্বকাপৰ বাবে বিৰাট আমেৰিকাত উপস্থিত হোৱাৰ পাছতো অনুশীলন কৰিবলৈও সক্ষম হোৱা নাই।
শুকুৰবাৰে আমেৰিকাত উপস্থিত হয় বিৰাট। তাৰ বাবেই শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচত তেওঁ খেলা নাছিল। যদিও বিৰাট দলৰ সৈতে ডাগআউটত বহিছিল। ৱাৰ্ম আপ মেচৰ পূৰ্বে তিনিদিন ধৰি অনুশীলন কৰিছে ভাৰতে। কিন্তু পলমকৈ উপস্থিত হোৱাৰ বাবে সেই তিনিদিন অনুশীলন কৰিব নোৱাৰিলে।
ৱাৰ্ম আপ মেচৰ পিছত দেওবাৰে প্ৰথম অনুশীলনৰ সুযোগ লাভ কৰে বিৰাটে। কিন্তু সেইদিনাৰ অনুশীলন বাতিল কৰা হয় ৷ মেনেজমেণ্টে ক্ৰিকেটাৰসকলক জিৰণি দিয়াৰ সিদ্ধান্ত লয়। সেইবাবেই দেওবাৰে অনুশীলন কৰিব নোৱাৰিলে কোহলীয়ে। সোমবাৰে আন এক অনুশীলনৰ কথা। কিন্তু সোমবাৰে কেতিয়া অনুশীলন হ’ব সেই সন্দৰ্ভত স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই ৷ বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি ভাৰতে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।
এইবাৰ আই পি এলত কোহলীৰ প্ৰদর্শন আছিল দর্শনীয় । তেওঁ ১৫ ইনিংছত ৭৪১ ৰান সংগ্ৰহ কৰে। কমলা ৰঙৰ টুপী জয় কৰিছে তেওঁ । ২০১২ চনৰ পৰা টি-২০ বিশ্বকাপত ২৭খন খেলত ১১৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিৰাটে। টি-২০ বিশ্বকাপৰ ইতিহাসত তেওঁৰ সৰ্বাধিক ৰান আছে।
ৱাৰ্ম আপ মেচত খেলিব নোৱাৰিলেও বিৰাটে ৰোহিত শৰ্মাৰ সৈতে অ’পেন কৰিব বুলি মেনেজমেণ্টে ইংগিত দিছে। কাৰণ, দলৰ তৃতীয় অ’পেনাৰ যশস্বী জয়ছৱালে ৱাৰ্ম আপ মেচত খেলা নাছিল। অৰ্থাৎ ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিৰাট-ৰোহিতৰ যুটিয়ে আৰম্ভণি কৰা দেখা যাব পাৰে।