আই পি এলৰ মাজতে আৰম্ভ হৈছে টি-২০ বিশ্বকাপৰ প্ৰস্তুতি । আই পি এল শেষ হোৱাৰ ৬ দিনৰ পিছত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ভাৰতীয় দল ঘোষণা হোৱাৰ লগে লগে আৰম্ভ হৈছে উত্তেজনা। এটা ৱেবছাইটৰ তথ্য অনুসৰি ভাৰতীয় দলৰ অধিকাংশ ক্ৰিকেটাৰ ২১ মে’ত আমেৰিকালৈ ৰাওনা হ’ব। অৰ্থাৎ আই পি এলৰ লীগ পৰ্যায় শেষ হোৱাৰ এদিন পিছত। ফাইনেলৰ পাঁচ দিন আগতে।
জনা যায় যে ৰাহুল দ্ৰাবিড়কে ধৰি সমগ্ৰ প্ৰশিক্ষক কৰ্মচাৰী আৰু প্লে অফৰ বাবে যোগ্যতা অৰ্জন নকৰা ক্ৰিকেটাৰ দলটোৱে আমেৰিকালৈ পাৰ হৈ যাব। বাকী খেলুৱৈসকল ফাইনেলৰ পিছত যাব। ইয়াৰ পৰা কেকেআৰে লাভৱান হ’ব । এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত আছে তেওঁলোক। ইয়াৰ উপৰিও কেকেআৰৰ কোনো খেলুৱৈয়ে মূল দলত সুযোগ নাপালে। ৰিজাৰ্ভ দলত আছে ৰিংকু সিং। তেওঁক আগতে যাবলৈ নিৰ্দেশ দিয়া হোৱা নাই ৷
এতিয়া পইণ্ট তালিকাৰ পৰিস্থিতি, বিশ্বকাপত সুযোগ পোৱা বেছিভাগ ক্ৰিকেটাৰেই সোনকালে যাব পাৰে। পইণ্ট তালিকাত নৱম আৰু দশম স্থানত আছে বেংগালুৰু আৰু মুম্বাই। প্লে অফত প্ৰৱেশৰ সম্ভাৱনা ক্ষীণ। ফলত ২১ মে’ত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে যাব পাৰে আমেৰিকালৈ। শীৰ্ষত থকা দলসমূহৰ ভিতৰত পাঁচটা দলে বিশ্বকাপ দলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত আছে ৰাজস্থানৰ সঞ্জু চেমচন, যশস্বী জয়ছোৱাল আৰু যুজবেন্দ্ৰ চাহাল, চেন্নাইৰ শিৱম ডুবে আৰু ৰবীন্দ্ৰ জাডেজা।
ভাৰতৰ প্ৰথমখন খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে । ভাৰতৰ শেষৰ দুখন মেচ ক্ৰমে ১২ আৰু ১৫ জুনত আমেৰিকা আৰু কানাডাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ।