আন এটা অভিলেখৰ দিশে আগবাঢ়িছে টেনিছ তাৰকা নোভাক জ’কভিচ। বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈৰ মুকুটত সংযোজন হ’বলৈ ওলাইছে নতুন ৰত্ন । একালৰ তীক্ষ্ণ প্ৰতিদ্বন্দ্বী ৰজাৰ ফেডাৰেৰৰ অভিলেখ ভংগ কৰিবলৈ আগবাঢ়িছে জ’কভিচে।
দেওবাৰে এ টি পি টেনিছ এছ’চিয়েশ্যনে প্ৰকাশ কৰা শেহতীয়া পুৰুষৰ একক ৰেংকিঙতো জ’কভিচে শীৰ্ষস্থান দখল কৰে। ইয়াৰ লগে লগে ২৪খন গ্ৰেণ্ড শ্লেমৰ স্বত্বাধিকাৰীগৰাকীয়ে ৪১৯ সংখ্যক সপ্তাহৰ বাবে ৰেংকিঙৰ প্ৰথম স্থানত থাকে। এতিয়া তেওঁক স্থলাভিষিক্ত কৰাৰ কোনো সম্ভাৱনা নাই। অহা সপ্তাহতো তেওঁ এক নম্বৰত থাকিব বুলি কাৰ্যতঃ নিশ্চিত।
পুৰুষ টেনিছ খেলুৱৈৰ ভিতৰত আটাইতকৈ পুৰণি একক ৰেংকিঙৰ অভিলেখ এতিয়াও ফেডাৰেৰৰ হাতত আছে। ৩৬ বছৰ ৩২০ দিন বয়সত তেওঁ এক নম্বৰত আছিল। অহা দেওবাৰে জ’কভিচৰ বয়স হ’ব ৩৬ বছৰ আৰু ৩২১ দিন। অৰ্থাৎ ছাৰ্বিয়াৰ তাৰকাগৰাকীয়ে সবাতোকৈ বেছি একক শাখাত এক নম্বৰ স্থান লাভ কৰাৰ নতুন নজিৰ গঢ়ি তুলিব। মন কৰিব যে ফেডাৰেৰ আৰু নাডালে প্ৰথমে ২২ বছৰ বয়সত বিশ্বৰ এক নম্বৰ স্থান লাভ কৰিছিল।