বিশ্বকাপৰ টিকট কেতিয়া উপলব্ধ হ’ব সেয়া ইতিমধ্যে আইচিচিয়ে অৱগত কৰিছে। ২৫ আগষ্টৰ পৰা অনলাইনযোগে টিকট উপলব্ধ হ’ব। কিন্তু ভাৰতীয় ব’ৰ্ডৰ সিদ্ধান্ত অনুসৰি খেলপথাৰত কেৱল ছপা টিকটেৰেহে প্ৰৱেশ কৰিব পাৰিব। অনুৰাগীৰ সুবিধাৰ কথা মনত ৰাখি আইচিচিয়ে নতুন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ য’ত অনুৰাগীয়ে ঘৰতে বিশ্বকাপৰ ছপা টিকট লাভ কৰিব পাৰিব। তাৰ বাবে অতিৰিক্ত ১৪০ টকা দিব লাগিব।
ভাৰতৰ খেলৰ টিকট পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব যদিও ২৫ আগষ্টৰ পৰা বাকী সকলো দেশৰ টিকট উপলব্ধ হ’ব। ছপা টিকট অফলাইনত অৰ্থাৎ ষ্টেডিয়ামত বা আন ঠাইত বিক্ৰী কৰা নহ’ব। অনলাইনযোগে টিকট ক্ৰয় কৰিব লাগিব। পিছত ষ্টেডিয়াম বা ব’ৰ্ডে নিৰ্ধাৰণ কৰা ঠাইলৈ গৈ অনলাইন টিকটৰ কপি দেখুৱাই ছপা টিকট সংগ্ৰহ কৰিব লাগিব। তেনে ক্ষেত্ৰত দীঘলীয়া সময় শাৰীত থিয় হোৱাৰ আশংকা থাকে।
কিন্তু অতিৰিক্ত খৰচ কৰিলে সেই অসুবিধা সহ্য কৰিব নালাগে। আইচিচিৰ তথ্য অনুসৰি যদি কোনো ব্যক্তিয়ে অনলাইনযোগে টিকট ক্ৰয় কৰি ঘৰতে ছপা টিকট ল’ব বিচাৰে তেন্তে অতিৰিক্ত ১৪০ টকা খৰচ কৰিব লাগিব। সেই টিকট কুৰিয়াৰেৰে ঘৰলৈ প্ৰেৰণ কৰা হ’ব। কিন্তু এটা চৰ্ত আছে। আপুনি চাব বিচৰা মেচখনৰ কমেও ৭২ ঘণ্টা আগতে টিকট ক্ৰয় কৰিব লাগে। এই সুবিধা কেৱল ভাৰতত থকা সমৰ্থকৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
অনলাইনযোগে টিকট ক্ৰয়ৰ বাবে কেইবাটাও প্ৰক্ৰিয়া আছে। যিসকলে ষ্টেডিয়ামত বহি খেল চাব বিচাৰে তেওঁলোকে ১৫ আগষ্টৰ ভিতৰত ক্ৰিকেট বিশ্বকাপৰ ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। টিকটৰ চাহিদাৰ ওপৰত ভিত্তি কৰি টিকট বিক্ৰী কৰা হ’ব।