মঙলবাৰে মেলবৰ্ণত ডেভিদ ৱাৰ্নাৰে শতক অৰ্জন কৰে। যদিও ইয়াৰ আগতে তেওঁ ২৪টা টেষ্ট শতক অর্জন কৰিছে তথাপিও ৱাৰ্নাৰৰ বাবে এই ২৫ নম্বৰ শতক বিশেষ হিচাপে বিবেচিত হৈছে । কালিৰ মেচখন আছিল ৱাৰ্নাৰৰ ১০০ সংখ্যক টেষ্ট ৷অর্থাং শতম টেষ্ট তেওঁ অজৰন কৰিলে শতক ৷ এসময়ত বল টেম্পাৰিঙৰ বাবে নিৰ্বাসিত হোৱা ৱাৰ্নাৰে ১০০ সংখ্যক টেষ্ট মেচ খেলিবলৈ সক্ষম হয় । সেই মেচখন তেওঁ শতকেৰে স্মৰণীয় কৰি তুলিছিল।
অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন টেষ্ট খেলিব। সোমবাৰৰ পৰা আৰম্ভ হোৱা টেষ্টৰ দ্বিতীয় দিনা এল ৱাৰ্নাৰে শতক অর্জন কৰে। চাহ বিৰতিলৈকে ১৩৫ ৰানত অপৰাজিত হৈ থাকে তেওঁ। ৰিকি পণ্টিঙৰ পিছত ৱাৰ্নাৰে টেষ্টত ১০০ সংখ্যক শতক অৰ্জন কৰা দ্বিতীয়জন অষ্ট্ৰেলিয়ান হিচাপে পৰিগণিত হয়। ৱাৰ্নাৰৰ পূৰ্বে ৯ জন ব্যক্তিয়ে এনে কৃতিত্ব অৰ্জন কৰিছে। এই তালিকাত কোনো ভাৰতীয় বেটছমেনৰ নাম নাই। ইংলেণ্ডৰ কলিন কাউড্ৰেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০০ সংখ্যক টেষ্টত ১০৪ ৰান সংগ্ৰহ কৰে। যোৱা বছৰ এই তালিকাৰ নৱম বেটছমেন হিচাপে জো ৰুটে স্থান লাভ কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ১০০ সংখ্যক টেষ্টত দুশতক অৰ্জন কৰে। এইবাৰ ৱাৰ্নাৰৰ নাম এই তালিকাত যোগ হৈছে।
কৌড্ৰেৰ পিছতে পাকিস্তানৰ জাভেদ মিয়ান্দাদে নিজৰ ১০০ সংখ্যক টেষ্টত শতক অৰ্জন কৰে। ৱেষ্ট ইণ্ডিজৰ গৰ্ডন গ্ৰীনিজে ১৯৯০ চনত টেষ্টত ১০০ সংখ্যক শতক অৰ্জন কৰিছিল। এলেক্স ষ্টুৱেৰ্ট (ইংলেণ্ড), ইনজামাম-উল-হাক (পাকিস্তান), ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া), গ্ৰেম স্মিথ (দক্ষিণ আফ্ৰিকা), হাছিম আমলা (দক্ষিণ আফ্ৰিকা) আৰু জো ৰুট (ইংলেণ্ড)ৰ ১০০ সংখ্যক টেষ্টত শতক অর্জন কৰিছে ৷
মন কৰিব যে ৱাৰ্নাৰৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ কৰাৰ অভিযোগ উঠিছিল। সেই দেশৰ বিৰুদ্ধেই তেওঁ ১০০ সংখ্যক টেষ্ট খেলি শতক অৰ্জন কৰে। ৱাৰ্নাৰে শেষবাৰৰ বাবে ২০২০ চনৰ জানুৱাৰী মাহত টেষ্টত শতক অৰ্জন কৰিছিল। ৱাৰ্নাৰে ১১ বছৰীয়া টেষ্ট কেৰিয়াৰত ৮০০০ ৰান সংগ্ৰহেৰে নতুন অভিলেখ ৰচনা কৰিছে ৷
৩৬ বছৰীয়া অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীয়ে ১০০ সংখ্যক টেষ্ট খেলিবলৈ অহাৰ সময়ত আৱেগিক হৈ পৰিছিল। সোমবাৰে ৰাষ্ট্ৰীয় সংগীতৰ সময়ত খেলপথাৰত উপস্থিত আছিল ৱাৰ্নাৰৰ কন্যা। খেলপথাৰলৈ উঠাৰ পূৰ্বে ৱাৰ্নাৰে ইনষ্টাগ্ৰামত নিজৰ এখন ছবি পোষ্ট কৰিছিল। তেওঁ লিখিছে, ‘অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট খেলাটো এটা সপোন আছিল। “