টি ২০বিশ্বকাপৰ পাছত ডুবাইৰ পৰা উভতি অহাৰ সময়তে বিমানবন্দৰত বিপদৰ সন্মুখীন হ’ল ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডিয়া। বিমানবন্দৰত শুল্ক বিভাগে জব্দ কৰিলে পাণ্ডিয়াৰ দুটাকৈ বিলাসী ঘড়ী। মুম্বাই বিমানবান্দৰত শুল্ক বিভাগে জব্দ কৰা ঘড়ী দুটাৰ মূল্য হৈছে ডেৰ কোটি টকা।
ঘড়ী দুটাত উল্লেখ থকা ছিৰিয়েল নম্বৰ আৰু ক্ৰয় ৰচিদত উল্লেখ থকা ছিৰিয়েল নম্বৰৰ মিল নথকাত শুল্ক বিভাগে ঘড়ী দুটা জব্দ কৰে। অৱশ্যে এই ঘড়ী দুটা পূৰ্বৰে পৰা তেওঁৰ লগত আছে বুলি প্ৰকাশ কৰিছে ক্ৰিকেটাৰজনে।
আনহাতে এটা বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নতুন ঘড়ীটোৰ মূল্য প্রায় পাঁচ কোটি টকা। কিন্তু পাণ্ডিয়াই নতুন ঘড়ী দুটাৰ মূল্য ১.৮কোটি টকা বুলি প্ৰকাশ কৰিছে।ইয়াৰে এটা১.৪কোটি আৰু আনটোৰ মূল্য ৪০লাখ বুলি প্ৰকাশ কৰা হৈছে।
এই ঘড়ী দুটা ঘূৰাই পাবলৈ হ’লে পাণ্ডিয়াই ছিৰিয়েল নম্বৰৰ সাদৃশ্য থকা ক্ৰয় ৰচিদ জমা দিব লাগিব শুল্ক বিভাগক। এই ঘড়ী দুটাৰ বাবদ তেওঁ আদায় দিব লাগিব ৩৮ শতাংশ কৰ। আনহাতে, ঘড়ী দুটাৰ মূল্য পাঁচ কোটি টকা বুলি ওলোৱা খবৰ অস্বীকাৰ কৰিছে ক্ৰিকেটাৰজনে।