টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা মণিপুৰৰ মীৰাবাঈ চানুৰ ক্ষেত্ৰত দেখা দিছে এক অনিশ্চয়তাই। আগন্তুক ২০২৪ চনত পেৰিচত হ’বলগীয়া অলিম্পিকত খেলুৱৈ গৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়া ভাৰতৰ বাবে হৈ পৰিছে এক চিন্তাৰ বিষয়।
বিশ্বৰ সকলো ভাৰোত্তোলক এতিয়া বিপদৰ দুৱাৰ দলিত কাৰণ অলিম্পিকত ভাৰোত্তোলনৰ খেলটোৱেই বাদ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। আন্তৰ্জাতিক অলিম্পিক কমিটি ( IOC )য়ে এইবাৰ এইধৰণৰ এক গুৰুত্বপূৰণ সিদ্ধান্ত ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।
আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে ইচ্ছা কৰিলে যিকোনো খেলকেই অলিম্পিকৰ পৰা বাদ দিব পাৰে । প্ৰাপ্ত তথ্য মতে ভাৰোত্তলন ক্ষেত্ৰখন বিভিন্ন ধৰণৰ ড’পিং ৰ সমস্যাৰে জৰ্জৰিত । আনহাতে বিভিন্ন দেশৰ ভাৰোত্তোলন সংস্থাসমূহৰ বিৰুদ্ধে আই অ চি (IOC)ৰ নিয়ম তথা নিৰ্দেশ নমনাৰ অভিযোগ আগৰ পৰাই আছিল ।
উল্লেখযোগ্য যে আগন্তুক পেৰিচ অলিম্পিকত বক্সিংৰ কোটা ইতিমধ্যেই বহুত কমিছে ।ফলত ভাৰোত্তোলন একেবাৰেই বাদ পৰিব পাৰে বুলি শংকা প্ৰকাশ কৰা হৈছে ।এইক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে আই অ’ চি য়ে লোৱা সিদ্ধান্তই চুড়ান্ত বুলি গণ্য কৰা হ’ব ।
টকিঅ’ত ৰূপৰ পদক জয় কৰিছিল মীৰাবাঈ চানুয়ে । মাত্ৰ অলপ ব্যৱধানৰ বাবে সোণৰ পদকৰ পৰা আঁতৰিব লগীয়া হৈছিল খেলুৱৈ গৰাকী । তথাপিতো আগন্তুক পেৰিচ অলিম্পিকত সোণৰ পদক জয় কৰি আনিবলৈ আশা প্ৰকাশ কৰা এইগৰাকী খেলুৱৈৰ ভৱিষ্যত এতিয়া নিৰ্ভৰ কৰিব আই অ’ চি (IOC)ৰ সিদ্ধান্তৰ ওপৰতহে ।