ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নতুন কৃতিত্ব অৰ্জন কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। টেষ্ট ক্ৰিকেটত পিতৃ-পুত্ৰক আউট কৰা ভাৰতৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় অশ্বিন। পৃথিৱীত আৰু চাৰিজন ক্ৰিকেটাৰৰ এই নজিৰ আছে।
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ শিৱনাৰিন চন্দ্ৰপলক অশ্বিনে আউট কৰিছিল। ৱেষ্ট ইণ্ডিজৰ অ’পেনাৰ ত্যাগনেৰাইন চন্দ্ৰপালকে বুধবাৰে আউট কৰে অশ্বিনে। আজিৰ দিনটোতে ত্যাগনেৰাইন ১২ ৰান সংগ্ৰহ কৰাৰ পাছতে আউট কৰে অশ্বিনে । ত্যাগনেৰাইনক আউট কৰি ভাৰতৰ প্ৰথম আৰু বিশ্বৰ পঞ্চমজন বলাৰ হিচাপে পৰিগণিত হয় অশ্বিন। মন কৰিবলগীয়া যে টেষ্ট ক্ৰিকেটত অশ্বিনে শিৱনাৰিনক চাৰিবাৰ আউট কৰিছিল।
ইংলেণ্ডৰ ইয়ান বথাম, পাকিস্তানৰ ৱাছিম আক্ৰাম, অষ্ট্ৰেলিয়াৰ মিচেল ষ্টার্ক আৰু দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মাৰৰ আছিল এই কৃতিত্ব। ষ্টার্ক আৰু হাৰ্মাৰে অশ্বিনৰ দৰেই শিৱনাৰিন আৰু ত্যাগনেৰাইনক আউট কৰে। বোথাম আৰু আক্ৰমে নিউজিলেণ্ডৰ লেন্স কেয়াৰ্নছ আৰু তেওঁৰ পুত্ৰ ক্ৰীছ কেয়াৰ্নছক আউট কৰিছিল।
টেষ্ট বিশ্বকাপৰ ফাইনেলত অংশ ল’ব নোৱাৰা প্ৰবীণ অফস্পিনাৰগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলৰ বাবে দললৈ উভতি আহিছিল। টেষ্ট ক্ৰিকেটলৈ উভতি আহি তেওঁ প্ৰমাণ কৰিলে যে তেওঁৰ দক্ষতা ম্লান হোৱা নাই। তেওঁ ত্যাগনেৰাইন আৰু ৱেষ্ট ইণ্ডিজৰ আন এজন অ’পেনাৰ ক্ৰেগ ব্ৰেইথৱেইট (২০)ক আউট কৰে।