প্ৰথম ইনিংছতে কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি টেষ্ট কেৰিয়াৰৰ সুন্দৰ আৰম্ভণি কৰা শ্ৰেয়াছ আয়াৰৰ বিষয়ে বি চি চি আইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে কয় যে, ‘বেটছমেন জনে যি কৰিছে তাক লৈ তেওঁ আনন্দিত কিন্তু তেওঁৰ প্ৰকৃতপৰীক্ষা হ’ব দক্ষিণ আফ্ৰিকাত হে য’ত ২৬ ডিচেম্বৰৰ পৰা দলতোৱেতিনিখন টেষ্ট খেলিব ৷
প্ৰথম ইনিংছত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত দ্বিতীয় ইনিংছত ৬৫ৰাণ সংগ্হ কৰিছিল শ্ৰেয়াছে ৷ আয়াৰৰ শীৰ্ষ প্ৰদৰ্শন সন্দৰ্ভত গাংগুলীয়ে কয় যে সোঁ হাতৰ বেট্ছমেন জনৰ প্ৰকৃত অগ্নিপৰীক্ষা হ’ব দক্ষিণ আফ্ৰিকাত ৷ আনহাতে শ্ৰেয়াছ আয়াৰ আৰু দক্ষিন আফ্ৰিকা সম্পৰ্কে ‘বেকষ্টেজ উইথ বোৰিয়া’ অনুষ্ঠানত বক্তব্য ৰাখি সৌৰভ গাংগুলীয়ে কয়.’মই ভাবো শ্ৰেয়াস আয়াৰৰ দীৰ্ঘদিন ধৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত গড় ৫০৷ মই তেওঁৰ প্ৰথম শ্ৰেণীৰ গড় দেখিছিলোঁ ,তেওঁৰ ১০ বছৰৰ বাবে ৫২ আছিল ,আৰু আপুনি এনে কৰাটো স্বাভাৱিক হ’ব নোৱাৰে ৷লগতে তেওঁ কয় যে ‘মই অত্যন্ত সুখী যে তেওঁ প্ৰথম টেষ্টত ভাল প্ৰদৰ্শন কৰিছিল কিন্তু যেতিয়া তেওঁ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডলৈ যায় ,য’ত তেওঁ গতি আৰু বাউন্সৰ সমূখত থাকে ,আশাকৰোঁ তেওঁ তাত দৃঢ়তাৰে থিয় হৈ প্ৰদৰ্শন কৰিব৷