ভাৰতৰ প্ৰশিক্ষক পদৰ বাবে আবেদনৰ অন্তিম দিন আছিল ২৭ মে’। সেই দিনটো পাৰ হৈ গ’লেও কোনে আনুষ্ঠানিকভাৱে আবেদন কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। জানিব পৰা মতে, টি-২০ বিশ্বকাপ শেষ হোৱাৰ পাছতহে ভাৰতৰ নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰা হ’ব। সকলো ঠিকে থাকিলে গৌতম গম্ভীৰ ভাৰতৰ পৰৱৰ্তী প্ৰশিক্ষক হোৱাটো প্ৰায় নিশ্চিত হৈছে ৷
প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ পাছতে সমাপ্ত হ’ব । তেওঁৰ সলনি ভিভিএছ লক্ষ্মণক আনিবলৈ চেষ্টা কৰা হৈছিল যদিও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সন্মতি দিবলৈ অস্বীকাৰ কৰে। মূলতঃ পৰিয়ালৰ পৰা বহুদিন আঁতৰি থকাৰ বাবেই তেওঁ অনিচ্ছুক ৷ ইয়াৰ উপৰিও আই পি এলৰ কেইবাটাও দলৰ প্ৰলোভনমূলক অফাৰ লাভ কৰিছে তেওঁ ।
যদিও পূর্বে তেওঁ কেতিয়াও কোনো দেশ বা ফ্ৰেঞ্চাইজিৰ প্রশিক্ষকতা কৰা নাই, তথাপি এইবাৰ কেকেআৰে আইপিএলত গুৰু হিচাপে জয়লাভ কৰাৰ পাছত গম্ভীৰক ব’র্ডে বাছনি কৰিছে৷ আই পি এলৰ জয়ৰ দিনা গম্ভীৰক ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ সৈতে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰা দেখা গৈছিল। প্ৰশিক্ষক হোৱাৰ কথাও হয়তো চলিছিল সেই কথা-বার্তাত।
গম্ভীৰ যদি ভাৰতৰ প্ৰশিক্ষক হয়, তেন্তে তেওঁ আৰু কেকেআৰৰ গুৰু হ’ব নোৱাৰিব ৷ ব’ৰ্ডৰ নিয়ম অনুসৰি আইপিএল আৰু জাতীয় দলৰ সৈতে একে সময়তে জড়িত হ’ব নোৱাৰিব প্ৰশিক্ষক। আনকি হ’ব নোৱাৰিব ধাৰাভাষ্যকাৰ ৷ পূৰ্বতে ৰবি শাস্ত্ৰীয়েও ভাৰতৰ প্ৰশিক্ষক হোৱাৰ পিছত ধাৰাভাষ্যকাৰ ত্যাগ কৰিবলগীয়া হৈছিল।