লিঅ’নেল মেছিৰ সম্ভাৱ্য অৱসৰ সন্দৰ্ভত অব্যাহত আছে জল্পনা-কল্পনা। এই বিষয়ে বহুবাৰ মত প্ৰকাশ কৰিছে কিংবদন্তি তাৰকাগৰাকীয়ে। এটা প’ডকাষ্টত মেছিয়ে কয় যে তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই। বিশ্বকাপ বিজয়ী ছুপাৰষ্টাৰগৰাকীয়ে কয় –“যেতিয়া মই উপলব্ধি কৰিম যে মই আৰু আগৰ দৰে খেলিব নোৱাৰো, মই ফুটবল উপভোগ কৰিব পৰা নাই আৰু মই মোৰ সতীৰ্থসকলক সহায় কৰিব পৰা নাই , তেতিয়াই মই অৱসৰ ল’ম ৷”
কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পাছত অৱসৰ ল’ব বুলি ইংগিত দিছিল মেছিয়ে। কিন্তু আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে চেম্পিয়ন হোৱাৰ পিছত নিজৰ মন সলনি কৰিলে। মেছিয়ে লগতে কয় –“ মই অলপ বেছি আত্মসমালোচনাকাৰী। মই কেতিয়া আশা কৰা ধৰণে খেলি আছো আৰু কেতিয়া খেলিব পৰা নাই ভালকৈয়ে জানো। গতিকে সেই কথা যেতিয়াই বুজি পাম তেতিয়াই পলম নকৰাকৈ ফুটবলৰ পৰা বিদায় ল’ম। মোৰ বয়স কিমান হ’ল সেই কথা মই কেতিয়াও ভবা নাই ৷ আৰু যদি মই ভাবো যে মই ভাল খেলিছো, তেন্তে মই আগবাঢ়ি যাম। কাৰণ মই এই ফুটবলক পাগলৰ দৰে ভাল পাওঁ। আচলতে মই অৱসৰৰ কথা বেছি নাভাবো। লক্ষ্য হৈছে প্ৰতিটো দিনে উপভোগ কৰা।”