টি-২০ বিশ্বকাপত নিজৰ কৰ্তব্য সম্পূৰ্ণ কৰিলে ৰাহুল দ্ৰাবিড়। ভাৰতীয় ক্ৰিকেট দলৰ দায়িত্ব ল’ব নতুন প্ৰশিক্ষকে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এতিয়াও ঘোষণা কৰা নাই নতুন প্ৰশিক্ষকৰ নাম। অৱশ্যে সম্পাদক জয় শ্বাহে নতুন প্ৰশিক্ষকে কেতিয়া দায়িত্ব ল’ব বুলি জানিবলৈ দিয়ে।
ভাৰতীয় দলৰ পৰৱৰ্তী প্ৰশিক্ষক হোৱাৰ দৌৰত গৌতম গম্ভীৰ আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত বিচিচিআইৰ কোনো বিষয়াই মুখ খোলা নাই। পৰৱৰ্তী প্ৰশিক্ষক সন্দৰ্ভত ক্ৰিকেট উপদেষ্টা সমিতিৰ প্ৰতিবেদন লাভ কৰিছে বিষয়াসকলে। ইচ্ছুক প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে সদস্যসকলে। তেওঁলোকৰ পৰামৰ্শ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰশিক্ষক নিৰ্বাচিত কৰা হ’ব। জয় শ্বাহে প্ৰকাশ কৰা অনুসৰি দুজন লোকৰ নাম বিবেচনাধীন হৈ আছে।
ৱেষ্ট ইণ্ডিজ বিচিচিআইৰ সম্পাদকে কয় যে নতুন প্ৰশিক্ষক আৰু ৰাষ্ট্ৰীয় নিৰ্বাচক নিযুক্তিৰ কাম অতি সোনকালে সম্পূৰ্ণ হ’ব। ইচ্ছুক পক্ষৰ সাক্ষাৎকাৰ লৈ চি এ চিয়ে প্ৰশিক্ষক হিচাপে দুটা নামৰ পৰামৰ্শ দিছে। মুম্বাইলৈ উভতি অহাৰ পিছত এই বিষয়ে সিদ্ধান্ত লোৱা হ’ব । আগন্তুক জিম্বাবুৱে ভ্ৰমণত প্ৰশিক্ষক হিচাপে দলটোৰ সংগ দিব ভিভিএছ লক্ষ্মণে। পৰৱৰ্তী শ্ৰীলংকা ভ্ৰমণৰ পৰা দায়িত্ব ল’ব নতুন প্ৰশিক্ষকগৰাকীয়ে।
ব’ৰ্ডৰ সূত্ৰ অনুসৰি চিএচিয়ে গম্ভীৰৰ উপৰিও ডব্লিউ ভি ৰমনৰ নাম প্ৰস্তাৱ দিছে। শ্ৰীলংকাত তিনিখন টি-২০ আৰু তিনিখন এদিনীয়াৰ শৃংখলা আৰম্ভ হ’ব ২৭ জুলাইৰ পৰা। সেই শৃংখলাৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ দায়িত্ব ল’ব নতুন প্ৰশিক্ষকে।