কেইবামাহো ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত পুনৰ নতুন উদ্যমেৰে আই পি এলত প্ৰৱেশ কৰিছে বিৰাট কোহলিয়ে। প্ৰথমখন মেচত চেন্নাইৰ হাতত পৰাস্ত হোৱাৰ পিছত সোমবাৰে দ্বিতীয়খন মেচ খেলিব কোহলিৰ দলে ৷ প্ৰতিদ্বন্দ্বী পঞ্জাব কিংছ। তাৰ আগতে কোহলিয়ে যোৱা এবছৰত তেওঁৰ জীৱন সলনি কৰি পেলোৱা এক বিষয় প্ৰকাশ কৰিছে ৷
পঞ্জাৱৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে বেংগালুৰুৱে এটা ভিডিঅ’ মুকলি কৰে। তাতে দলটোৰ ক্ৰিকেটাৰসকলক যোৱা এবছৰত তেওঁলোকৰ জীৱন সলনি কৰা যিকোনো ঘটনাৰ বিষয়ে সোধা হৈছিল। কোহলীয়ে তাত পুত্ৰ অকয়ৰ জন্মৰ মুহূৰ্তৰ কথা উল্লেখ কৰিছিল। কোহলিয়ে কয় – “মই বিশ্বাস কৰোঁ যে জীৱনটো অহৰহ সলনি হৈ থাকে।সকলোবোৰ একেই নাথাকে। যোৱা বছৰটো মোৰ বাবে স্বাভাৱিকভাৱে পাৰ হৈ গ’ল। কিন্তু দ্বিতীয় সন্তান জন্ম হোৱাটো মোৰ বাবে নিশ্চিতভাৱে এক বিশেষ মুহূৰ্ত।”
একেটা ভিডিঅ’তে বেংগালুৰুৰ অধিনায়ক ফাফ ডু প্লেছিছে কয়, ‘আই পি এলৰ বাহিৰেও যোৱা এটা বছৰত মই বহুত ক্ৰিকেট খেলিছো। ছিজনৰ শেষত মোৰ কঁকালৰ অস্ত্ৰোপচাৰ হৈছিল। ৩ মাহ ৰিহাবত আছিলো। ডাঙৰ আঘাত পাইছিলো। এতিয়া সুস্থ ৷ আশাকৰোঁ কেইটামান ছয় মাৰিবলৈ সাজু।”
মহম্মদ ছিৰাজে কয়, ‘মই বিশ্বৰ এক নম্বৰ বলাৰ হৈ পৰিলোঁ। ইয়াৰ বাহিৰেও বহু কথা সলনি হৈছে। কিন্তু বিশ্বকাপ জয় নকৰাটো আমাৰ বাবে অতি দুখজনক মুহূৰ্ত। ইয়াৰ বাহিৰে একো সলনি হোৱা নাই।”