কেতিয়াবা নীৰজ চোপ্ৰা, কেতিয়াবা ছাইনা নেহৱাল, বা কেতিয়াবা মীৰাবাই চানু। অলিম্পিকত পদক লাভ কৰি পদক কামুৰি ফটোৰ বাবে প’জ দিয়া দেখা যায় ৷ কেৱল ভাৰতীয় খেলুৱৈয়েই নহয়, মাইকেল ফেলপছ, উছেইন ব’ল্টৰ দৰে কিংবদন্তি এথলীটসকলেও পদক কামুৰি প’জ দিয়ে ৷অলিম্পিকত জয়ী হোৱাৰ পিছত কিয় পদক কামোৰে বিজয়ীসকলে? ইয়াৰ আঁৰত কিবা বিশেষ কাৰণ আছে নেকি?
১৯১২ চনলৈকে অলিম্পিক পদক বিজয়ীসকলক সোণৰ পদক প্ৰদান কৰা হৈছিল। সেই সময়ত বিজয়ীসকলে পদকৰ স্বৰ্ণ পৰীক্ষা কৰিবলৈ এই কাম কৰিছিল। সোণটো পলিচ কৰিলে দাঁতত দাগ পৰিব। যদি ই বিশুদ্ধ হয় তেন্তে দাঁতত দাগ নপৰে। সেইবাবেই প্ৰতিযোগীসকলে সোণৰ পৰীক্ষা কৰিছিল।অৱশ্যে কোনে সেই কাম আৰম্ভ কৰিছিল সেয়া জানিব পৰা হোৱা নাই। কিন্তু বিজয়ীসকলৰ অধিকাংশই পদক কামুৰি থকা দেখা গৈছিল।
১৯১২ চনৰ পৰা অলিম্পিকত কোনো বিশুদ্ধ সোণৰ পদক প্ৰদান কৰা হোৱা নাই। তীখাৰ পদকবোৰ সোণৰ পাতেৰে আবৃত। গতিকে সোণৰ পৰীক্ষা কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। কিন্তু লাহে লাহে ই নিয়মত পৰিণত হয়। এজন প্ৰতিযোগীয়ে পদকটো লাভ কৰাৰ পিছত কামোৰ দিয়ে। বহুতে কয় যে এই পদক অলিম্পিকৰ আগত কৰা কঠোৰ পৰিশ্ৰম আৰু ঘামৰ পুৰস্কাৰ। তাৰ বাবেই তেওঁলোকে পদক কামোৰে ৷
ইয়াৰ আন এটা কাৰণ অৱশ্যে আছে। সেয়া হ’ল পদকটোৰে এখন ভাল ফটো তোলা। পদক কামোৰা ফেলপছ, বল্টৰ ছবিবোৰ ক্ৰীড়াপ্ৰেমীৰ মনত খোদিত হৈ আছে। তেওঁলোকে নিজকে সেই ঠাইলৈ লৈ যাব বিচাৰে। সেই কাৰণে বিজয়ীসকলে পদক লাভ কৰাৰ পিছত কামোৰা দেখা যায়।