ছানৰাইজাৰ্ছ হায়দৰাবাদে আইপিএলৰ শীর্ষস্থানত থকা ৰাজস্থান ৰয়েলছক পৰাজিত কৰে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত মেচখনত ১ ৰানত পৰাজিত হয় ৰাজস্থান ৷
হায়দৰাবাদে মাত্ৰ তিনিটা উইকেট হেৰুৱাই প্ৰথমে বেট ধৰি ২০১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ট্ৰেভিছ হেডে ৪৪টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। আন এজন অ’পেনাৰ অভিষেক শৰ্মাই ১২ ৰান কৰি আউট হয় ৷ আনমলপ্ৰীত সিঙেও বিশেষ ৰান কৰিবলৈ সক্ষম নহ’ল । নীতিশ কুমাৰ ৰেড্ডীয়ে হেডৰ সৈতে যোৰ গঠন কৰে। দুয়োজনে একেলগে ৯৬ ৰান সংগ্ৰহ কৰে। হেড আউটৰ পিছত হাইনৰিখ ক্লাচেনে আৰু ৰেড্ডীয়ে একেলগে ৭০ ৰান সংগ্ৰহ কৰে। তেওঁ ৪২টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। ক্লাচেনে ১৯টা বলত ৪২ ৰান সংগ্ৰহ কৰে।
ভাৰতীয় দলৰ চিন্তা-চৰ্চা বৃদ্ধি কৰিলে যুজবেন্দ্ৰ চাহালে। ১৫ জনীয়া দলটোৰ কোনো ক্ৰিকেটাৰে টি-২০ বিশ্বকাপ দল ঘোষণাৰ পিছত ভাল ফলাফল দেখুৱাব পৰা নাই। সেই তালিকাত চাহালৰ নাম যোগ হ’ল। ৪ অভাৰত তেওঁ ৬২ ৰান দিয়ে। কোনো উইকেট লব নোৱাৰিলে।
ৰাজস্থান ৰয়েলছে আৰম্ভণিৰে পৰা প্ৰতি অভাৰত ১০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু তেওঁলোকেও উইকেট হেৰুৱাইছিল। জোছ বাটলাৰ আৰু সঞ্জু চেমছন কোনো ৰান নোহোৱাকৈ আউট হয় । ভুৱনেশ্বৰ কুমাৰে তেওঁলোকৰ উইকেট দখল কৰে। দোলনাৰ শক্তিৰে তেওঁ উইকেট দখল কৰে। কিন্তু সেই জোকাৰণি চম্ভালিলে যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগে। তেওঁলোকে ১৩৩ ৰান সংগ্ৰহ কৰে ৷
এটা সময়ত এনে লাগিছিল যে ৰাজস্থানে খুব সহজেই মেচখন জয়ী হ’ব। কিন্তু টি নটৰাজনে যশস্বীক আউট কৰে ৷ তেতিয়াই হায়দৰাবাদ পুনৰ যুঁজলৈ আহিল। পৰাগক আউট কৰে পেট কামিন্সে।
মেচখন শেষ বলটোলৈকে উত্তেজনাপূর্ন হৈ থাকে ৷ ৰাজস্থানক জয়ী হ’বলৈ শেষ বলত দুটা ৰানৰ প্ৰয়োজন হৈছিল। কিন্তু পাৱেলক ভুৱনেশ্বৰে আউট কৰে ৷ তেতিয়াই ৰাজস্থানৰ বিজয়ৰ সপোন শেষ হ’ল। এক ৰানত পৰাস্ত হয় ৰাজস্থান ৷