VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজয়ী খেলুৱৈসকলে নিজেই পিন্ধিব লাগিব পদক , অলিম্পিকত কৰ’নাৰ বাবে বিশেষ সতৰ্কতা

voicedesk by voicedesk
July 17, 2021
in ক্ৰীড়া
বিজয়ী খেলুৱৈসকলে নিজেই পিন্ধিব লাগিব পদক , অলিম্পিকত কৰ’নাৰ বাবে বিশেষ সতৰ্কতা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

জোৰদাৰ গতিত প্ৰস্তুতি চলিছে টকিঅ’ অলিম্পিকৰ । বিশ্বৰ ২০৬ খন দেশৰ খেলুৱৈয়ে এইবাৰ ভাগ ল’ব টকিঅ‘ অলিম্পিকত । অলিম্পিকৰ বাবে সাজু হৈছে এই দেশসমূহৰ খেলুৱৈসকল। আনহাতে স্বাস্থ্যজনিত কাৰণত অলিম্পিকৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে বিশ্বৰ বহু কেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে ।  তথাপিতো  কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে টকিঅ’ত  আয়োজন কৰিবলৈ লোৱা হৈছে এই বহু আকাংশিত অলিম্পিক ।

উল্লেখযোগ্য যে কৰ‘না সংক্ৰমণৰ বাবেই টকিঅ’ত ইতিমধ্যে জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে ।  ক’ভিডৰ বাবে ল’বলগীয়া সাৱধানতাসমূহ মানি এই অলিম্পিক আয়োজন কৰিবলৈ লোৱা হৈছে যদিও  কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত জাপানৰ জনসাধাৰণ চিন্তামুক্ত হ’ব পৰা নাই । কাৰণ জাপানৰ অধিকাংশ জনসাধাৰণে শংকা প্ৰকাশ কৰিছে যে, খেলপথাৰত দৰ্শক প্ৰৱেশৰ অনুমতি নিদিলেও অলিম্পিকে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে ।

ক’ভিডৰ বাবে ল’বলগীয়া সাৱধানতাৰ বাবেই এইবাৰ টকিঅ’ অলিম্পিকত কিছুমান বিশেষ নিয়ম বান্ধি দিয়া হৈছে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সভাপতি থমাছ বাকে প্ৰকাশ কৰিছে যে এইবাৰ অলিম্পিকত বিজয়ী খেলুৱৈসকলে নিজেই ডিঙিত  পিন্ধিব লাগিব পদক ।

সাধাৰণতে বিজয়ী খেলুৱৈসকলক পদক প্ৰদান কৰিবলৈ অহা প্ৰতিনিধিৰ সৈতে  কৰমৰ্দন কৰা আৰু প্ৰতিনিধিয়ে তেঁওলোকৰ ডিঙিত পদক পিন্ধাই দিয়া দেখা পোৱা যায় । কিন্তু এইবাৰ পূৰ্বৰ অলিম্পিকৰ তুলনাত কিছু পৃথক হ’ব টকিঅ’ অলিম্পিকৰ পদক প্ৰদান অনুষ্ঠান ।

মঞ্চত খেলুৱৈৰ সন্মুখত তিনিটা পদক ৰখা হ’ব আৰু দৰ্শকবিহীন গেলাৰীৰ সন্মুখত নিজেই নিজৰ ডিঙিত পদক পিন্ধি ল‘ব লাগিব বিজয়ী খেলুৱৈসকলে । পদক দিওঁতা আৰু এথলীট দুয়োজনেই মাস্ক পিন্ধিব লাগিব । কোনো খেলুৱৈয়ে এজনে আনজনক সাৱটিব নোৱাৰিব আৰু কোনো কৰমৰ্দন নথাকিব অলিম্পিকৰ এই পদক প্ৰদান অনুষ্ঠানত । উল্লেখ্য যে ট্ৰেত পদক লৈ যোৱা লোকজনে গ্লোভছ পিন্ধি থাকিব লাগিব ।

ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতেই আয়োজন কৰিবলৈ লোৱা অলিম্পিকত এইদৰে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ।

Previous Post

আফগানিস্তানত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকী

Next Post

বিশ্বত কৰ‘নাৰ তৃতীয় ঢৌৰ প্ৰৱেশঃ বিশ্ব স্বাস্থ্য সংস্থা

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বিশ্বত কৰ‘নাৰ তৃতীয় ঢৌৰ প্ৰৱেশঃ বিশ্ব স্বাস্থ্য সংস্থা

বিশ্বত কৰ‘নাৰ তৃতীয় ঢৌৰ প্ৰৱেশঃ বিশ্ব স্বাস্থ্য সংস্থা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7