ৰাষ্ট্ৰীয় স্প্ৰিণ্ট দলৰ মুখ্য প্ৰশিক্ষক আৰ কে শৰ্মাৰ বিৰুদ্ধে এগৰাকী শীৰ্ষ ভাৰতীয় মহিলা চাইকেল আৰোহীৰ অভিযোগ ৷ ভাৰতৰ প্ৰশিক্ষক গৰাকীক ‘অনুপযুক্ত আচৰণ’ৰ বাবে অভিযুক্ত কৰিছে মহিলা চাইকেল আৰোহী গৰাকীয়ে ৷ স্লোভেনিয়াত এটা শিবিৰৰ সময়ত “অনুপযুক্ত আচৰণ” কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷ অভিযোগটো এছএআই (ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ)লৈ প্ৰেৰণ কৰা এক ইমেইল যোগে দাখিল কৰা হৈছিল।
জানিবপৰা মতে অভিযোগকাৰী গৰাকীক এই অভিযোগৰ পিছতেই তেওঁৰ সুৰক্ষাৰ কথা চিন্তা কৰি তৎক্ষণাৎ ভাৰতলৈ ঘূৰাই অনা হৈছিল ৷ ইতিমধ্যে উক্ত অভিযোগ সন্দৰ্ভত এছএআই আৰু চাইক্লিং ফেডাৰেচন অফ ইণ্ডিয়াই (চিএফআই) দুখন পৃথক তদন্ত সমিতি গঠন কৰিছে।লগতে কৈছে যে “বিষয়টোক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ই শীঘ্ৰেই সমাধান কৰা হ’ব”।
১৮ ৰ পৰা ২২ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাবলৈ স্লোভেনিয়াত থকা ভাৰতীয় দলৰ অংশ আছিল চাইকেল আৰোহীগৰাকী । প্ৰশিক্ষক আৰু বাকী ভাৰতীয় চাইকেল আৰোহীসকল ১৪ জুনত ভাৰতলৈ উভতি আহিব বুলি আশা কৰা হৈছে।
আনহাতে ৰাষ্ট্ৰীয় স্প্ৰিণ্ট দলৰ মুখ্য প্ৰশিক্ষক আৰ কে শৰ্মা ২০১৪ চনৰ পৰা দলটোৰ সৈতে জড়িত হৈ আছে। প্ৰাক্তন বায়ু সেনাৰ এইচআৰ মেনেজাৰজন যোৱা আঠ বছৰ ধৰি ভাৰতৰ কনিষ্ঠ আৰু জ্যেষ্ঠ চাইকেল চলোৱা কাৰ্যসূচীৰ অংশ হৈ আছে।
এছএআইয়ে কয়,”ভাৰতীয় চাইক্লিং ফেডাৰেচনৰ পৰামৰ্শ অনুসৰি আৰ কে শৰ্মাক প্ৰশিক্ষক নিযুক্ত কৰা হৈছিল,” ৷ অভিযোগ সন্দৰ্ভত চিএফআইয়ে কৈছিল যে “এছএআইৰ দ্বাৰা গঠন কৰা সমিতিৰ সিদ্ধান্তত ফেডাৰেচনৰ সম্পূৰ্ণ সমৰ্থন থাকিব”। ফেডাৰেচনৰ নিজা তদন্ত সমিতিত আছে চিএফআইৰ মহাসচিব মনিন্দৰ পাল সিং, কেৰালা চাইকেলৰ সভাপতি এছ এছ সুদীশ কুমাৰ, মহাৰাষ্ট্ৰৰ প্ৰশিক্ষক দীপালী নিকাম আৰু চিএফআইৰ সহকাৰী সম্পাদক ভি এন সিং।