নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত পৰাজিত হ’ল ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ অধিনায়ক মিথালী ৰাজে ৬১ ৰান কৰি দলটোক জয়ৰ মুখ দেখুৱাবলৈ চেষ্টা কৰে যদিও তিনি উইকেটত বিজয় সাৱ্যস্ত কৰে নিউজীলেণ্ডে ৷ ইয়াৰ লগে লগে কুইনষ্ট’নত অনুষ্ঠিত এদিনীয়া শংখলাত নিউজীলেণ্ডে ২-০ৰ অগ্ৰগতি লাভ কৰিলে ৷
এদিনীয়া মেচখনত প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে ৬ উইকেটৰ বিনিময়ত ২৭০ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ অধিনায়ক মিথালীয়ে ৬৬ ৰাণ , উইকেটকিপাৰ ৰিচা ঘোষে ৬৫ ৰাণ, অপেনাৰ চাব্বিনেনি মেঘানাই ৪৯ ৰাণ কৰি দলটোক শক্তিশালী স্থিতিলৈ লৈ যায় ৷ ভাৰতীয় দলটোৱে প্ৰথমে নিউজীলেণ্ডক ৫৫ ৰাণতে ৩ টা উইকেট দখল কৰাত জয়ৰ যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল ৷ কিন্তু এমেলিয়া কেৰৰ দর্শনীয় শতকে নিউজীলেণ্ডৰ বিজয়ৰ পথ প্ৰশস্ত কৰি তোলে ৷ ১১৯ ৰাণ কৰিবলৈ সক্ষম হয় এমেলিয়াই ৷ তদুপৰি মেদী গ্ৰীণে সংগ্ৰহ কৰে ৫২ ৰাণ ৷