বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৮টা দলে। দুই স্থান এতিয়াও খালী হৈ আছে। ইয়াৰ বাবে ১০টা দলে যুঁজিব। সেই মেচসমূহ জিম্বাবুৱেত অনুষ্ঠিত হ’ব। ইতিমধ্যে তাত ১০টা দলে প্ৰস্তুতিমূলক খেল খেলিবলৈ আৰম্ভ কৰিছে। দেওবাৰৰ পৰা আৰম্ভ হ’ব ৫০ অভাৰৰ বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ড।
বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলগীয়া ১০টা দলক দুটা গ্ৰুপত বিভক্ত কৰা হৈছে। গ্ৰুপ এ গঠিত নেপাল, নেদাৰলেণ্ড, আমেৰিকা, জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজেৰে। আন এটা গোটত আছে শ্ৰীলংকা, আয়াৰলেণ্ড, ওমান, স্কটলেণ্ড আৰু সংযুক্ত আৰব আমিৰশ্বাহী। দুটা গ্ৰুপৰ পৰা তিনিটা দল ছুপাৰ ছিক্সলৈ যাব। ইয়াৰ শেষত শীৰ্ষত থকা দল দুটাই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব।
প্ৰথম গ্ৰুপৰ কেৰিবিয়ান দলটো দুবাৰৰ বিশ্বকাপ বিজয়ী। সংযুক্ত আৰব আমিৰশ্বাহীয়ে তেওঁলোকৰ সৈতে ৱাৰ্ম আপ মেচ খেলিছিল। যিখন মেচত ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলে শক্তি প্ৰদৰ্শন কৰিছিল। ৰভমেন পাৱেলে শতক অৰ্জন কৰে। নিকোলাছ পুৰানে ৭৪ ৰান সংগ্ৰহ কৰে। তেওঁলোকে ৩৭৪ ৰান সংগ্ৰহ কৰে। যদিও এটা সময়ত তেওঁলোকে ৯ বলত তিনিটা উইকেট হেৰুৱাইছিল।
আনখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে জিম্বাবুৱেই আধিপত্য প্ৰদৰ্শন কৰে। স্কটলেণ্ডক ১৬৩ ৰাণেৰে পৰাজিত কৰে ৷শ্ৰীলংকাৰ হৈ ৱাৰ্ম আপ মেচত ডিমুট কৰুণাৰত্নে আৰু কুশল মেণ্ডিছে শতক অৰ্জন কৰে। আমেৰিকাক ১৯৮ ৰানত পৰাস্ত কৰে শ্ৰীলংকাই ৷ দেওবাৰৰ পৰা আৰম্ভ হ’ব কোৱালিফাইং ৰাউণ্ড। ৯ জুলাইত ফাইনেল। ফাইনেলত খেলা দল দুটাই বিশ্বকাপৰ মূল প্ৰতিযোগিতাত খেলিব।