ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়াৰ বিশ্ব টেষ্টৰ ফাইনেল দল ৷দলত থাকিলেও ডেভিড ৱার্ণাৰ প্ৰথম এঘাৰত স্থান লাভ কৰিব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে মুঠ ১৭ জন ক্ৰিকেটাৰৰ নাম । ২৮ মে’ত এই সংখ্যা ১৫ লৈ হ্ৰাস পাব। দলটোৰ নেতৃত্ব দিব পেট কামিন্সে।
ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত আঘাতৰ বাবে তৃতীয় আৰু চতুৰ্থ টেষ্ট খেলিব পৰা নাছিল ৱাৰ্নাৰে। পিছত সীমিত অভাৰৰ ছিৰিজত পুনৰ দললৈ উভতি আহে। আই পি এলত ষ্ট্ৰাইক ৰেট অতি লেহেমীয়া, যিটোৱে তেওঁৰ প্ৰদর্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ভাৰতৰ বিৰুদ্ধে তিনি ইনিংছত ২৬ ৰান সংগ্ৰহ কৰে। বহু প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক বাদ দিয়াৰ সপক্ষে মাত মাতিছে। অৱশ্যে অষ্ট্ৰেলিয়াৰ ব’ৰ্ডে এই অভিজ্ঞ ক্ৰিকেটাৰগৰাকীৰ ওপৰত আস্থা ৰাখিছে।
প্ৰথম দলত সুযোগৰ বাবে ৱাৰ্নাৰৰ মূল প্ৰতিদ্বন্দ্বী হৈছে মাৰ্কাছ হেৰিছ আৰু মেট ৰেনশ্ব। ইংলেণ্ডৰ এছেছত ইয়াৰ পূৰ্বে কেতিয়াও শতক অৰ্জন কৰা নাই ৱাৰ্নাৰে। গতিকে তেওঁক খেলিব নে নহয় সেয়া নিশ্চিত নহয়। ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে টেষ্ট দললৈ উভতি আহিছে মিচেল মাৰ্ছে। কিন্তু পিটাৰ হেণ্ডস্কম, এষ্টন আগৰ, মিচেল ছুইপছন আৰু মেট কুনেমেনক ৰখা নহ’ল দলটোত। আঘাতৰ বাবে বাহিৰ কৰা হৈছে লেন্স মৰিছক।
সম্পূৰ্ণ দল : পেট কামিন্স, স্কট ব’লেণ্ড, এলেক্স কেৰী, কেমেৰন গ্ৰীণ, মাৰ্কাছ হেৰিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বেন, নাথান লায়ন, মিচ মাৰ্ছ, টড মাৰ্ফি, মেট ৰেনশ্ব’, ষ্টিভ স্মিথ, মিচেল ষ্টার্ক আৰু ডেভিদ ৱাৰ্নাৰ।