প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ এজাহাৰৰ আধাৰত সর্বভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। তদন্তৰ গতিত সুখী নহয় প্ৰতিবাদকাৰী বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাট । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত তদন্তৰ লেহেমীয়া গতিক লৈ অভিযোগ দাখিল কৰিছে প্ৰতবাদকাৰীসকলে ৷
শনিবাৰে নিশা প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে। শনিবাৰে সন্ধিয়ালৈকে শ্বাহৰ বাসগৃহত সর্বভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্ৰীজভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।
শনিবাৰে নিশা ১১ বজাৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলে শ্বাহৰ সৈতে বৈঠক আৰম্ভ কৰে। বজৰং, সাক্ষীকে ধৰি চাৰিগৰাকী মল্লযুঁজাৰু শ্বাহৰ বাসগৃহলৈ যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকৰ বক্তব্য গুৰুত্ব সহকাৰে শুনে । তদন্তৰ গতিত অসন্তুষ্ট প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে ব্ৰীজভূষণৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে অভিযোগনামা দাখিল কৰিবলৈ দাবী জনায় । মল্লযুঁজাৰুসকলক আশ্বাস দি শ্বাহে কয় যে আইনেনিজৰ কাম কৰিব ৷ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সাক্ষী ,বজৰংগক আশ্বাস দিয়ে যে সকলো অভিযোগৰ তদন্ত স্বচ্ছতাৰে কৰা হ’ব। কংগ্ৰেছ নেতা কপিল ছিবালে শ্বাহৰ আশ্বাসক উপহাস কৰে। তেওঁ কয়, “অমিত শ্বাহে মল্লযুঁজাৰুসকলক লগ পাইছিল। এই সমস্যা সমাধানৰ আশা কৰিছে মল্লযুঁজাৰুসকলে। অনুমান কৰিছোঁ, কোনো গ্ৰেপ্তাৰ নহ’ব। দুৰ্বল চাৰ্জ শ্বীট দিয়া হ’ব। ব্ৰীজভূষণে জামিন লাভ কৰিব । ইয়াৰ পিছত তেওঁলোকে ক’ব, গোচৰটোৰ এতিয়া বিচাৰপ্ৰক্ৰিয়া চলি আছে।“
ক্ৰীড়া মন্ত্ৰীৰ আশ্বাসৰ পিছতো বিজেপি সাংসদ ব্রিজভূষণৰ বিৰুদ্ধে কেন্দ্রই ব্যৱস্থা নোলোৱাৰ বাবে মল্লযুঁজাৰুসকলে আন্দোলন তীব্রতৰ কৰি তুলিছিল৷ বজৰং, সাক্ষীকে ধৰি মল্লযুঁজাৰুসকলে গংগাত পদক বিসর্জন দিবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল কিন্তু ভাৰতীয় কিষাণ সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকেইটৰ হস্তক্ষেপত তেওঁলোকে গংগা নদীত পদক বিসর্জন দিয়াৰ পৰা বিৰত থাকে ৷ টিকেইটে কেন্দ্ৰক ৯ জুনলৈ সময়সীমা বান্ধি দিছে। অভিযুক্ত ব্ৰীজভূষণক গ্ৰেপ্তাৰ নকৰিলে বৃহত্তৰ আন্দোলনৰ সকীয়নি দিছে কৃষক নেতাগৰাকীয়ে। হাৰিয়ানাৰ পঞ্জাৱত খাপ পঞ্চায়ত আৰু কৃষক সংগঠনৰ নেতাসকলে আৰম্ভণিৰে পৰাই মল্লযুঁজাৰুৰ পক্ষ লৈ আহিছে।
নতুন সংসদ ভৱন উদ্বোধনৰ দিনা উত্তেজনাৰ সৃষ্টি হোৱাৰ পিছতে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্না কার্যসূচী ৰূপায়নত বাধা দিছে আৰক্ষীয়ে। তেওঁলোকে অভিযোগ কৰে যে ব্ৰীজভূষনে বিভিন্ন অনুষ্ঠানত মহিলা খেলুৱৈক হাৰাশাস্তি কৰিছিল৷ তেওঁৰ বিৰুদ্ধে দুখন এফআইআৰ দাখিল কৰা হৈছে। মল্লযুঁজাৰুজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।
কিন্তু মল্লযুঁজাৰুগৰাকীয়ে আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। ১১ জুনত তেওঁ উত্তৰ প্ৰদেশৰ নিজৰ লোকসভা আসন কাৰ্নেলগঞ্জত প্ৰতিশক্তি প্ৰদৰ্শনৰ বাবে পদযাত্ৰা অনুষ্ঠিত কৰিব। যদিও ইয়াৰ পূৰ্বে বৃজভূষনে ৫ জুনত অযোধ্যাত পদযাত্ৰা কৰাৰ কথা কৈছিল। তেওঁ জিলা প্ৰশাসনৰ পৰা অনুমতি নাপালে।