মুম্বাই ইণ্ডিয়ানছৰ হৈ হাৰ্দিক পাণ্ডিয়াৰ আই পি এলৰ ১০০ সংখ্যক খেলখন সুখৰ নহ’ল ৷ বৰষুণে বাধাপ্ৰাপ্ত কৰা খেলখনত ৰাজস্থান ৰয়েলছৰ হাতত ৮ উইকেটত পৰাস্ত হয় হার্দিক পাণ্ডিয়াৰ দল। সকলোকে আচৰিত কৰি হাৰ্দিকে টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত লয়। মুম্বাইয়ে ৯ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ১৮.৪ অভাৰত ১ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। সঞ্জু চেমচনৰ দলৰ জয়ৰ নায়ক দুগৰাকী আছিল যশস্বী জয়ছোৱাল আৰু সন্দীপ শৰ্মা।
যশস্বী আৰু জোছ বাটলাৰে ১৮০ ৰানৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰে। কিন্তু ইনিংছ আগবাঢ়ি যোৱাৰ লগে লগে ৰাজস্থানৰ বেটছমেনসকলে ৰান সংগ্ৰহৰ গতি বৃদ্ধি কৰে। সঞ্জুৰ ইনিংছৰ ৬ অভাৰৰ পাছত বৰষুণ আৰম্ভ হয়। ৪০ মিনিটৰ বাবে খেল বন্ধ কৰি দিয়া হয়। তথাপিও ৰাজস্থানৰ ইনিংছত কোনো ধৰণৰ ব্যাঘাত হোৱা নাছিল। পীয়ুষ চাওলাৰ বলত আউট হোৱাৰ সময়ত বাটলাৰে ২৫টা বলত ৩৫ ৰান সংগ্ৰহ কৰে যদিও ২২ গজৰ আনটো মূৰত অটল আছিল যশস্বী। ৫৯টা বলত শতক সম্পূৰ্ণ কৰে যশস্বীয়ে । শেষত ৬০টা বলত ১০৪ ৰান কৰি অপৰাজিত হৈ থাকে। ৯টা চাৰি আৰু ৭টা ছয় কোবাই তেওঁ ৷
প্ৰথমতে বেট ধৰিও জয়পুৰৰ ২২ গজৰ সুবিধা ল’ব নোৱাৰিলে মুম্বাইৰ শীৰ্ষ বেটছমেনে। ৰোহিত শৰ্মা (৬), ঈশান কিষাণ (শূন্য) আৰু সূৰ্যকুমাৰ যাদৱ (১০) দ্ৰুত ক্ৰমাগতভাৱে আউট হয়। পাঁচ নম্বৰ স্থানত মহম্মদ নবীয়ে ৰান নাপালে। আফগানিস্তানৰ অল ৰাউণ্ডাৰগৰাকীয়ে ১৭টা বলত ২৩ ৰান সংগ্ৰহ কৰে। । ৫২ ৰানত ৪ উইকেট পৰি যোৱাৰ পাছত মুম্বাইৰ ইনিংছৰ দায়িত্ব ল’লে তিলক আৰু নেহালে। ছয় নম্বৰত বেটিং কৰিবলৈ নামি অহা নেহালে ২৪টা বলত ৪৯ ৰান সংগ্ৰহ কৰে। তিলকৰ সৈতে ৯৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল আৰু তাৰ পিছত ব’ল্টৰ দ্বাৰা আউট হৈছিল।