গুৱাহাটী, ২৯ মাৰ্চ : আজি দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অধীনৰ “ওন্দোলাঝাৰ বহুমূখী মহিলা সমিতি” ভৱনত “আজান হেলথ কেয়াৰ চোচাইটি, অসম” ৰ উদ্যোগত আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত “নাৰী স্বাৱলম্বী কি দৰে হ’ব পাৰি” তাৰেই ওপৰত এখনি মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয়।
ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই সভা উদ্বোধন কৰি কয়- বিশ্বৰ একাংশ দেশত এতিয়া ক্ষুধাতুৰ- ভোকাতুৰ মানুহৰ সংখ্যা বাঢ়িছে। বৰ পৰিতাপৰ বিষয় হৈ পৰিছে। আৰ্থিক দৈন্যতাই কোঙা কৰিছে। আজিৰ আভিজাত্য সমাজত নিজৰ পিতা-মাতাক চাবলৈ একাংশ সন্তানৰ সময় নাই।” পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গৱেষণা বিভাগৰ বিষয়া ডা: বিজুজ জাহান চালেহা বেগমে মুখ্য অতিথিৰ ভাষণত কয়- নাৰী শিক্ষিত হ’ব লাগে।
নাৰী শিক্ষিত হ’লে দহজনক তেওঁলোকে জ্ঞান বিলাব পাৰে। নাৰীৰ অন্তৰত অনেক শক্তি পুঞ্জিভূত হৈ আছে। এই শক্তি পৰিয়ালৰ মাজত, সমাজত বিলাই সমাজ সংস্কাৰ কৰিব পাৰে। “বহুভাষিক সাহিত্য মঞ্চ, অসম” ৰ প্ৰধান সম্পাদক, সাংবাদিক, কবি, লেখক দীপক শৰ্মাই কয়- নাৰীয়ে নোৱৰা কাম একো নাই। হাঁহ-কুকুৰা, মুৰ্গী-পাৰ চৰাই, গৰু-ছাগলী পুহি আৰ্থিক দিশত টনকিয়াল কৰিব পাৰে। সৌ তাহানিৰ পৰা আজিৰ বৈজ্ঞানিক পদ্ধতিৰ যুগলৈ নাৰীৰ অপাৰ শক্তিৰে সমগ্র টনকিয়াল কৰিছে।
” পূৱ মঙলদৈ ব্লকৰ খণ্ড সমন্বয়ক পৰিস্মিতা নাথ, ওন্দোলাঝাৰ এম ই স্কুলৰ প্ৰাক্তন শিক্ষক নাছিৰুদ্দিন আহমেদ, সমাজসেৱক জমছেদ আলীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লৈ নাৰী স্বাৱলম্বী হোৱাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে। সভাত আৰিফা বেগম(চিলা), আছমা বেগম, হাফিজা খাটুন, আনোৱাৰা বেগমে সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে।