কাশ্মীৰি পণ্ডিতৰ লগতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰব্ৰজিত শ্ৰমিক ৷ ৰাজ্যখনৰ শ্ব’পিয়ান জিলাত নিশাৰ ভাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হয় উত্তৰ প্ৰদেশৰ দুজন প্ৰব্ৰজিত শ্ৰমিক ৷একেখন জিলাতে এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই এই আক্ৰমণ সংঘটিত হৈছে।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি সোমবাৰে নিশা শ্ব’পিয়ানৰ হাৰমেন অঞ্চলত এজন সন্ত্ৰাসবাদীয়ে প্ৰব্ৰজিত শ্ৰমিক কেইজনক লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে। নিহত শ্ৰমিক দুজন হৈছে উত্তৰ প্ৰদেশৰ কনৌজৰ বাসিন্দা ৰামসাগৰ আৰু মনিষ কুমাৰ। অৱশ্যে গ্ৰেনেড নিক্ষেপ কৰাৰ কিছু ঘণ্টাৰ পিছতে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয়।
জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে কয় যে উগ্ৰবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ শনিবাৰে শ্ব’পিয়ানৰ চৌদাৰী গুণ্ড গাঁৱত সন্ত্ৰাসবাদীয়ে হত্যা কৰে কাশ্মীৰী পণ্ডিত পুৰণ কৃষণ ভাটক। ধাৰাবাহিক আক্ৰমণৰ অংশ হিচাপে এই হত্যাকাণ্ডই জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইত প্ৰতিবাদৰ সূচনা কৰে।
আক্ৰমণৰ আশংকাত যোৱা ৫ মাহ ধৰি প্ৰায় ৬ হাজাৰ কাশ্মীৰী পণ্ডিত কাৰ্যালয়ত উপস্থিত হোৱা নাই।