২০২১ বৰ্ষৰ অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ ১.৩০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে৷ মন্ত্ৰালয়ৰ মতে অক্টোবৰত ১,৩০,১২৭কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছে ৷ যোৱা এপ্ৰিল মাহত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১,৪১,৩৮৪ টকা ৷
২০২১ বৰ্ষৰ অক্টোবৰ মাহৰ জি এছ টি সংগ্ৰহ ২০২০ বৰ্ষৰ অক্টোবৰত সংগৃহীত জি এছ টিতকৈ ২৪ শতাংশ আৰু ২০১৯-২০ বৰ্ষৰ অক্টোবৰতকৈ ৩৬ শতাংশ অধিক হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷
বিত্ত মন্ত্ৰালয়ৰ বিবৃত্তিত প্ৰকাশ পোৱা মতে ,জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধিয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ ইংগিতকেই বহন কৰিছে৷