কর্মচাৰীক মানসিক চাপৰ পৰা মুক্ত কৰি অধিক কর্মক্ষম কৰি তুলিবলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ অগশাৰীৰ প্ৰতিষ্ঠানে কর্মচাৰীৰ কর্মদিন হ্ৰাস কৰা পৰিলক্ষিত হৈ আহিছে ৷ বহু স্থানত সপ্তাহত ৫ দিনৰ বাবেহে কর্মদিন নির্ধাৰণ কৰা হৈছে ৷ এইবাৰ ব্ৰিটেইনৰ এটা প্ৰতিষ্ঠানে কর্মচাৰীৰ বাবে সপ্তাহত কর্মদিন নির্ধাৰণ কৰিছে ৷ এশটা কোম্পানীয়ে কোনো ধৰণৰ দৰমহা কৰ্তন নকৰাকৈয়ে সকলো কৰ্মচাৰীৰ বাবে স্থায়ী কর্মদিন মাত্ৰ চাৰিদিন নির্ধাৰণ কৰিবলৈ চুক্তিবদ্ধ হৈছে। প্ৰায় ২৬০০ কৰ্মচাৰীয়ে প্ৰতি সপ্তাহত মাত্ৰ চাৰিদিনকৈ কাম কৰিয়েই সম্পূর্ণ দৰমহা লাভ কৰাৰ সুযোগ লাভ কৰিব ৷
প্ৰতিষ্ঠানসমূহৰ মতে চাৰিদিন কাম কৰিবলগীয়া হ’লে কর্মচাৰীসকলৰ কার্যদক্ষতা আৰু কার্যক্ষমতা অধিক বৃদ্ধি পাব ৷ যাৰ ফলত ৪ দিনৰ ভিতৰতে অধিক কার্যালয়কেন্দ্ৰিক কাম আগবাঢ়িব ৷ এই নীতি আৰম্ভণিতে গ্ৰহণ কৰা প্ৰতিষ্ঠানসমূহে আশা প্ৰকাশ কৰে যে ইয়াৰ জৰিয়তে নতুন কৰ্মচাৰীক আকৰ্ষণ কৰি ৰখাৰ লগতে পুৰণি কর্মচাৰীসকলক একে ঠাইতে অধিক দিন কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ৷
চাৰিদিন কর্মদিন নির্ধাৰণ কৰি ১০০টা কোম্পানীৰে চুক্তিবদ্ধ হোৱা ব্ৰিটেইনৰ দুটা বৃহৎ প্ৰতিষ্ঠান হ’ল এটম বেংক আৰু গ্ল’বেল মাৰ্কেটিং কোম্পানী আৱিন ৷ দুয়োটা প্ৰতিষ্ঠানৰে প্ৰত্যেকৰে ব্ৰিটেইনত প্ৰায় ৪৫০ জন কৰ্মচাৰী আছে।
এক সাক্ষাৎকাৰত আৱিনৰ মুখ্য কাৰ্যবাহী এডাম ৰছে কয় যে ইয়াৰ পূর্বে প্ৰতিষ্ঠানটোৱে গ্ৰহন কৰা ঐতিহাসিক সিদ্ধান্তসমূহৰ ভিতৰত সপ্তাহত চাৰিদিন কর্মদিন নির্ধাৰণ কৰাটো ঐতিহাসিক ঘটনা ৷ যোৱা ডেৰ বছৰত প্ৰতিষ্ঠানটোৰ কর্মচাৰীৰ সুস্থতা বৃদ্ধি পোৱাৰ লগতে গ্ৰাহকসকলো উপকৃত হৈছে ৷
ইফালে, ৪ দিনীয়া কর্মদিনৰ এই পৰিকল্পনা ৩৩০০ শ্ৰমিক নিয়োগ কৰা প্ৰায় ৭০টা কোম্পানীয়ে পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল ৷ কেম্ব্ৰিজ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ লগতে বষ্টন বিশ্ববিদ্যালয়ৰ উদ্যোগত এই প্ৰকল্প আৰম্ভ হৈছিল ৷ কোম্পানীসমূহৰ ৮৮ শতাংশই কয় যে সপ্তাহত চাৰিদিন কর্মদিনে তেওঁলোকৰ কাম-কাজ অধিক উন্নত কৰিছে ৷ আনুষ্ঠানিকভাৱে নতুন কামৰ ধৰণ গ্ৰহণ কৰা কোম্পানীসমূহৰ অধিকাংশই সেৱা খণ্ড যেনে প্ৰযুক্তি, ইভেণ্ট বা বিপণন কোম্পানী। কিন্তু কিছুমান উৎপাদন আৰু নিৰ্মাণ নিয়োগকৰ্তাইও ইয়াৰ বাবে চুক্তিবদ্ধ হৈছে৷