লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই গ্ৰাহকক সকাহ দিবলৈ প্ৰতিটো চিলিণ্ডাৰত ৰন্ধন গেছৰ মূল্য ১০০টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁৰ এক্স-হেণ্ডলত প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ মূল্য হ্ৰাসৰ কেন্দ্ৰীয় সিদ্ধান্ত ঘোষণা কৰি লিখিছে, “এই উল্লেখযোগ্য সিদ্ধান্তই সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰিব। বিশেষকৈ আমাৰ নাৰী শক্তিক ইয়াৰ দ্বাৰা উপকৃত হ’ব। ৰন্ধন গেছক অধিক সুলভ কৰি তুলি আমি পৰিয়ালৰ কল্যাণৰ লগতে এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।” এক্স পোষ্টত মোদীয়ে লগতে লিখিছে, ‘এই সিদ্ধান্ত মহিলা সবলীকৰণ আৰু তেওঁলোকৰ বাবে সহজ জীৱন নিশ্চিত কৰাৰ আমাৰ দায়বদ্ধতাৰ সৈতে সামঞ্জস্যপূৰ্ণ।’
চৰকাৰী সূত্ৰ অনুসৰি শুকুৰবাৰৰ মাজনিশা ১২ বজাৰ পৰা ৰন্ধন গেছৰ নতুন মূল্য কাৰ্যকৰী হ’ব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰৰ আগষ্ট মাহত ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে প্ৰতি চিলিণ্ডাৰত গেছৰ মূল্য ২০০ টকা হ্ৰাস কৰিছিল। তাৰ আগতে এটা এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল অ-উজ্জ্বলা গ্ৰাহকৰ বাবে ১১০০ টকা। যোৱা বছৰৰ আগষ্ট মাহত মোডী চৰকাৰে প্ৰতি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ পিছত ৯০০ টকালৈ নামি আহিছিল। এইবাৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে।যিসকল উজ্জলাৰ গ্ৰাহক নহয় তেওঁলোকে ৮০০ টকাত এটা এল পি জি চিলিণ্ডাৰ লাভ কৰিব।