উত্তৰ প্ৰদেশৰ নয়দাত পোহৰলৈ আহিছে ১০ হাজাৰ কোটি টকাৰ বিত্তীয় কেলেংকাৰী। নয়ডা ছেক্টৰ ২০ত আৰক্ষীয়ে ভুৱা নথিৰে ধন লুট কৰা চক্ৰটোক উৎখাত কৰে ৷ এই চক্ৰৰ মুঠ ৮জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোকসকলৰ পৰা ২৬০০টা ভুৱা কোম্পানীৰ নথি-পত্ৰ, জি এছ টি প্ৰ-পত্ৰ, ২৪টা কম্পিউটাৰ আৰু কেইবাখনো ভুৱা আধাৰ কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে। কেৱল এয়াই নহয়, চক্ৰটোৰ পৰা প্ৰায় ৭ লাখ লোকৰ ব্যক্তিগত তথ্যৰ নথি-পত্ৰও জব্দ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি মে’ মাহত ছেক্টৰ ২০ থানাত এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছিল। অভিযোগত তেওঁ কয় যে তেওঁৰ কোম্পানীৰ নামত ভুৱা ফৰ্ম বনাই জি এছ টিৰ অনিয়ম সঘটিত কৰা হৈছে। এই অভিযোগৰ ভিত্তিত আৰক্ষীৰ কাৰিকৰী চোৱাচিতা কোষে তদন্ত আৰম্ভ কৰে। তেতিয়াই পুলিচে এই ডাঙৰ গেংটোৰ খবৰ লাভ কৰে ৷
গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিছে যে যোৱা পাঁচ বছৰ ধৰি ২৫০০ৰো অধিক কোম্পানীৰ ভুৱা নথি-পত্ৰ সৃষ্টি কৰি কোটি কোটি টকা সংগ্ৰহ কৰিছে এই চক্ৰটোৱে। এই দলটোৱে দুটা গোটত কাম কৰিছিল। নয়ডাৰ আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে কয় যে অভিযুক্তই দিল্লী আৰু গাজিয়াবাদত তিনিটা কাৰ্যালয় খুলিছে। এই গেঙে ভুৱা নথি-পত্ৰ, ভুৱা আধাৰ, পেন তৈয়াৰ কৰি তাত ‘অপাৰেচন’ চলাইছিল। অৱশ্যে তেওঁলোকে কেনে ধৰণে কাম কৰিছিল সেই বিষয়ে তদন্ত চলি থকা বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।