অসমৰ শ্ৰমিক সকলৰ বাবে ৰাজ্য চৰকাৰে লৈ আহিছে এক সুখবৰ ৷ ৰাজ্য চৰকাৰে শ্ৰমিক সকললৈ আগবঢ়াইছে ১২ অভিলাষী আঁচনি৷ ১৮ৰ পৰা ৫৫বছৰৰ লোকসকলে কৰিব পাৰিব আবেদন ৷অনলাইন পদ্ধতিত labourassam.comত কৰিব লাগিব এই পঞ্জীয়ন ৷অসম চৰকাৰৰ এই ১২ অভিলাষী আঁচনিৰ যোগেদি শ্ৰমিকসকলে লাভ কৰিব নিম্নোল্লেখিত সুবিধা সমূহ :-
- অবিবাহিত শ্ৰমিকে লাভ কৰিব বিবাহৰ বাবে এককালীন সাহাৰ্য
- শ্ৰমিকে লাভ কৰিব সাধাৰণ পেঞ্চন
- শ্ৰমিকৰ পৰিয়ালেও লাভ কৰিব পেঞ্চন
- প্ৰতিবন্ধী শ্ৰমিকেও লাভ কৰিব পেঞ্চন
- পঞ্জীয়ন ভুক্ত শ্ৰমিকৰ ল’ৰা-ছোৱালীক দিয়া হ’ব এককালীন সাহাৰ্য
- দশম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক নগদ বঁটা
- চিকিৎসা সাহাৰ্য প্ৰদান কৰা হ’ব শ্ৰমিকক
- বছৰি শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও গ্ৰহণ কৰিব ব্যৱস্থা
- মহিলা শ্ৰমিকৰ প্ৰথম দুই সন্তানৰ বাবে আগবঢ়োৱা হ’ব প্ৰসূতি সাহাৰ্য
- পঞ্জীয়ন ভুক্ত শ্ৰমিকৰ মৃত্যু হ’লে আৰ্থিক সাহাৰ্যৰ লগতে অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও প্ৰদান কৰা হ’ব সা-সুবিধা
উক্ত আঁচনি সন্দৰ্ভত সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰিব সহজ অৰুণোদয় কেন্দ্ৰ শ্ৰম প্ৰাধিকাৰীৰ কাৰ্যালয়ত