দেশৰ সর্ববৃহৎ বেংক প্ৰৱঞ্চনা উণ্মোচিত হ’ল ইডিৰ তদন্তত ৷ দুই ব্যৱসায়ীৰ ৪১৫ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে তদন্তকাৰী সংস্থাটোৱে ৷ ইডিয়ে জব্দ কৰিছে ব্যৱসায়ী সঞ্জয় ছাব্ৰিয়া আৰু অবিনাশ ভোছালেৰ সম্পত্তি ৷ ইউনিয়ন বেংকৰ নেতৃত্বধীন ১৭টা বেংকে ৰেডিয়াছ ডেভেলপাৰ্ছৰ সঞ্জয় ছাব্ৰিয়া আৰু মেট্ৰ’পলিছ হোটেলৰ অবিনাশ ভোছালেই কৰা কৰা প্ৰৱঞ্চনাৰ বাবে ৩৪,০০০ কোটিতকৈ অধিক লোকচান ভৰিব লগীয়া হৈছিল ৷ চিবিআইয়ে যোৱা সপ্তাহত পুনেত অবিনাশ ভোছালেৰ বাসগৃহত অভিযান চলাই গেৰেজত লকুৱাই থোৱা এখন হেলিকপ্টাৰ উদ্ধাৰ কৰিছিল।
আজি মুম্বাইৰ চান্টাক্ৰুজত ১১৬.৫ কোটিৰ ভূমি, বেংগালুৰুত অৱস্থিত ১১৫ কোটিৰ লেণ্ড পাৰ্চেলত থকা মিষ্টাৰ ছাব্ৰিয়াৰ কোম্পানীৰ ২৫% ইকুইটি শ্বেয়াৰ, চান্টাক্ৰুজৰ ৩ কোটি টকাৰ আন এটা ফ্লেট , দিল্লী বিমানবন্দৰৰ এখন হোটেলৰ পৰা লাভ কৰা ১৩.৬৭ কোটি টকা আৰু ৩.১০ কোটি মূল্যৰ তিনিখন বিলাসী গাড়ী জব্দ কৰা হয় ।
তদুপৰি, মুম্বাইৰ ১০২.৮ কোটি টকাৰ মূল্যৰ এটা ডুপ্লেক্স ফ্লেট , পুনেৰ ১৪.৬৫ কোটি টকা আৰু ২৯.২৪ কোটি টকা মূল্যৰ মাটি , নাগপুৰৰ মূল্য ১৫.৫২ কোটি টকা মূল্যৰ মাটি আৰু নাগপুৰত ১.৪৫ কোটি টকা মূল্যৰ মাটি জব্দ কৰা হৈছে ৷