সীমা বিবাদক কেন্দ্ৰ কৰি লাডাখত চীন আৰু ভাৰতীয় সেনাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ দুবছৰৰ অন্তত প্ৰথমবাৰৰ বাবে মিলিত হ’ল দুয়োখন দেশৰ বিদেশ মন্ত্ৰী ৷ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িকৰ সৈতে বৈঠকত মিলিত হয় ৷ জয়শংকৰে এক টুইটযোগে কয়- “হায়দৰাবাদ হাউচত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িক আদৰণি জনাইছো।“উল্লেখ্য যে চীনৰ বৈদেশিক মন্ত্ৰী ৱাঙৰ ভ্ৰমণ সন্দর্ভত আগতীয়াকৈ কোনোধৰণৰ ঘোষণা কৰা হোৱা নাছিল ৷ চীন অথবা ভাৰত চৰকাৰ, কোনো পক্ষই এই ভ্ৰমণ সন্দর্ভত আগতীয়াকৈ কোনো তথ্য সদৰী কৰা নাছিল ৷ অর্গেনাইজেছন অৱ ইছলামিক ৱর্ল্ডৰ সৈতে বেইজিং জড়িত থকা সন্দর্ভত ভাৰতে দ্বিতীয়টো বিবৃতি প্ৰকাশ কৰাৰ পাছতে দুয়োজন বিদেশ মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয় ৷
বৈঠকৰ পূর্বে ছেইণ্ট ষ্টিফেনছ কলেজৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি জয়শংকৰে কয়- “যোৱা দুবছৰত চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ যি পৰিৱৰ্তন ঘটিছে,সেয়া খুব কম লোকেই আশা কৰিছিল। ২০২০ চনৰ মে মাহৰ পৰা সামৰিক অচলাৱস্থাৰ সমান্তৰালভাৱে চলি থকা কূটনৈতিক বাৰ্তালাপে প্ৰমাণ কৰিলে যে বৈদেশিক আৰু প্ৰতিৰক্ষা নীতিৰ মাজত এক গভীৰ সম্পর্ক আছে ৷ “