আমাৰ বহুতৰে প্ৰিয় হৈছে জেলেপী ৷ বিশেষকৈ জেলেপীৰ অবিহনে যেন আধৰুৱা হৈ ৰয় দূর্গা পূজাৰ আনন্দ ৷ কিন্তু সচৰাচৰ আমি খোৱা জেলেপীৰ দাম কিমান হ’ব ৷ হয়তো ৩০০ ৰ পৰা ৫০০ টকা ৷ কিন্তু এক কিলোগ্ৰাম জেলেপীৰ দাম ২০ হাজাৰ টকা ৷শুনিবলৈ আচৰিত যেন লাগিলেও বাংলাদেশৰ ৰাজধানী ঢাকাৰ ইন্টাৰকন্টিনেণ্টেল হোটেলে প্ৰস্তুত কৰা জেলেপীৰ মূল্য হৈছে প্ৰতি কিলোগ্ৰামত ২০ হাজাৰ বাংলাদেশী টকা! ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য ১৫ হাজাৰৰো অধিক!
বাংলাদেশৰ কাকত প্ৰথম আলোৰ বাতৰি অনুসৰি ৰমজান উপলক্ষে ইন্টাৰকন্টিনেণ্টেল হোটেল কৰ্তৃপক্ষই ২৪ কেৰেট সোণৰ টাবাকে (পাত) মেৰিয়াই থোৱা শ্বাহী জেলেপী বজাৰত বিক্ৰীৰ বাবে মুকলি কৰিছে । মঙলবাৰে তেওঁলোকে নিজৰ ফেচবুক পেজত ‘গোল্ডেনজেলেপী’ বিক্ৰীৰ বিষয়ে অৱগত কৰে। বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে জেলেপী বিক্ৰী আৰম্ভ কৰিছে।
প্ৰকাশিত বাতৰি অনুসৰি প্ৰতি কিলোগ্ৰাম জেলেপীত ২০ৰ পৰা ২২ টা সোণৰ টাবাক (পাত) থাকিব। এজন গ্ৰাহকে কমেও ২৫০ গ্ৰাম জেলেপী কিনিব লাগিব। তাৰমানে দাম হ’ব ৫,০০০ টকা। ইতিমধ্যে ইফতাৰৰ বাবে কেইবা কিলোগ্ৰাম জেলেপী যোগান ধৰাৰ বাবে ইণ্টাৰকন্টিনেণ্টেল হোটেলে অর্ডাৰ লাভ কৰিছে।