সকলোৰে বাবে নিজৰ জন্মদিনটো এটা বিশেষ দিন ৷ ওপজা দিনটো সকলোৱে প্ৰিয়জনৰ লগত থাকি উপভোগ কৰিব বিচাৰে ৷ কোনোবাই যদি ঘৰৰ পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে, আন কোনোবাই আকৌ আকর্ষণীয় স্থানলৈ গৈ উদযাপন কৰিব বিচাৰে নিজৰ ওপজা দিনটো ৷ অৱশ্যে ওপজা দিনটো ব্যতিক্ৰমীভাৱে পালন কৰিবলৈ গৈ বহুলোক বিপদত নপৰাও নহয় ৷ তেনে এক ঘটনাই সংঘটিত হ’ল দিল্লীত ৷ উৰনীয়া সেতুঁৰ ওপৰত জন্মদিন পালন কৰি জেলৰ ভাত খাবলগীয়া হ’ল ২১ জন লোকে ৷ ইন্দিৰাপুৰম আৰক্ষীয়ে জনোৱা মতে, উৰণীয়া সেতুঁখনত জন্মদিনৰ পাৰ্টি উদযাপন কৰি হুলস্থুলৰ সৃষ্টি কৰাৰ অভিযোগত ৮খন বিলাসী গাড়ীসহ ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
মঙলবাৰে মাজনিশা পূব দিল্লীৰ জগত পুৰীৰ বাসিন্দা অংশ কোহলী (২১)ৰ জন্মদিন উদযাপন কৰা হৈছিল বুলি জানিব পৰা গৈছে। গাড়ীৰ বনেটত কেক কাটিও উচ্চস্বৰে সংগীত বজাই অংশ আৰু তেওঁৰ বন্ধুমহলে অঞ্চলটোৰ পৰিস্থিতি বিনষ্ট কৰিছিল ৷
আৰক্ষীয়ে সদৰী কৰা অনুসৰি অভিযুক্তই নিজৰ গাড়ীখন উৰণীয়া সেতুঁৰ মাজতে ৰাখি যান-বাহন চলাচলত বাধাৰ সৃষ্টি কৰিছিল। তেওঁলোকে আন পথচাৰীসকলক গালি-গালাজ কৰিছিল বুলিও জানিব পৰা গৈছে ৷ ২১ জন অভিযুক্তৰ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।