আৰক্ষীৰ চকুত ধূলি দিবলৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন-ন কৌশল ৷ অৱশ্যে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে জব্দ কৰি আহিছে নিচাযুক্ত সামগ্ৰী ৷ এইবাৰ পুনৰ অসম আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ পৰা অহা ড্ৰাগছ সৰবৰাহকাৰী ৷ ২ কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি সৰবৰাহকাৰীক ৷
কামৰূপ আৰক্ষীৰ সৈতে এছ টি এফৰ এছপি কল্যাণ পাঠকৰ নেতৃত্বত চলোৱা অভিযানত আমিনগাঁৱত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় ৷ মণিপুৰৰ পৰা আহি থকা এখন আৰ্টিগা বাহনৰ স্পেয়াৰ চকাৰ ভিতৰত লুকুৱাই নিচাযুক্ত দ্ৰৱ্যসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ২৫০ গ্ৰাম হেৰ’ইন জব্দ কৰা হৈছে। ২ গৰাকী মহিলাকে ধৰি ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ধৃত লোককেইজন হৈছে -আব্দুল ৰজক শ্বাহ (৩৬), ইউনুছ খান(৩৯),লীলা কান্ত শইকীয়া(২৮),বিবি চাৰা (৪১) আৰু জাৰিনা (২৫ বছৰ) ৷
উত্তৰ গুৱাহাটী আৰক্ষী থানাত ১১৬/২৩ নম্বৰৰ এটা গোচৰ এন ডি পি এছ এক্টৰ অধীনত ৰুজু কৰা হৈছে। জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ মূল্য প্ৰায় ২ কোটি টকা।