পুনৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে ৰাছিয়াই ৷ ক্ৰিমিয়াৰ এখন গুৰুত্বপূৰ্ণ দলঙত সংঘটিত হোৱা বিস্ফোৰণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰাৰ এদিন পিছতে দেশখনত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ৷ সোমবাৰে পুৱা মধ্য কিভ তিনিটা প্ৰচণ্ড বিস্ফোৰণে কপাঁই যায় ৷ স্থানীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ এঘণ্টাৰো অধিক পূৰ্বে ইউক্ৰেইনৰ ৰাজধানীখনত বিমান আক্ৰমণৰ চাইৰেন বজোৱা হৈছিল ৷ কিভৰ মেয়ৰ ভিটালি ক্লিচকোৱে ছ’চিয়েল মিডিয়াত কয় যে শ্বেভচেংকিভস্কি জিলাত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছে ৷
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে মহানগৰীৰ কেইবাটাও অঞ্চলৰ ওপৰেৰে ক’লা ধোঁৱা ওপৰলৈ উঠি আহিছে ৷
মস্কোৰ সৈতে সংযুক্ত ক্ৰিমিয়াক ৰাছিয়াৰ সৈতে সংযোগ কৰা দলংখনত সংঘটিত হোৱা মাৰাত্মক বিস্ফোৰণৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে ইউক্ৰেইনক জগৰীয়া কৰাৰ এদিন পিছতে এই বিস্ফোৰণ সংঘটিত হয়। যোৱা ২৬ জুনত কিভত শেষৰটো বিস্ফোৰণ সংঘটিত হৈছিল ৷