ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই অতিক্ৰম কৰিলে এমাহ ৷ইউক্ৰেইনৰ ভুমি দখল কৰিবলৈ এখনৰ পাছত আন এখন চহৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ বাহিনীয়ে ৷ মাৰিঅ’প’লত যোৱা সপ্তাহত ৰাছিয়াই এটা থিয়েটাৰ হলৰ ওপৰত চলোৱা আক্ৰমণত প্ৰায় ৩০০ জন লোকৰ মৃত্যু হৈছে ৷ এই কথা সদৰী কৰিছে ইউক্ৰেইনৰ বিষয়াসকলে ৷যুদ্ধৰ সময়ছোৱাত থিয়েটাৰ হলটোত শ শ লোকে আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ ৷ খাৰকিভৰ প্ৰায় আধা লোকে চহৰখন এৰি সুৰক্ষিত স্থানত আশ্ৰয় গ্ৰহণ কৰিছে ৷ চহৰখনত থকা লোকসকলৰ বাবে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী হ্ৰাস পাইছে ৷
ইফালে,ৰাছিয়াৰ সশস্ত্ৰ বাহিনীয়ে মিছাইলেৰে আক্ৰমণ কৰি কিয়েভৰ এটা মুখ্য ইন্ধন ভাণ্ডাৰ ধ্বংস কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাছেনকভে সংবাদ মাধ্যমৰ আগত কয় যে বৃহস্পতিবাৰে সন্ধিয়া সাগৰৰ পৰা নিক্ষেপ কৰা কালিব্ৰ ক্ৰুজ মিছাইলৰে এই আক্ৰমণ সংঘটিত কৰা হৈছিল। এই ডিপোটো ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীক ইন্ধন যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চলিত বর্ষৰ শেষৰ ফালে ইউৰোপীয় দেশসমূহলৈ তৰলীকৃত প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ সমান্তৰালভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন দুদিনীয়া ইউৰোপ ভ্ৰমণৰ অন্তিম স্থান হিচাপে পোলেণ্ডত উপস্থিত হ’ব ৷