ৰাজ্যৰ বিভিন্ন প্ৰদেশিকৃত মহাবিদ্যালয়ৰ ৩৩ গৰাকী যোগ্যতাসম্পন্ন কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা বিভাগে ৷ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে সংশ্লিষ্ট শিক্ষকসকলৰ বিভিন্ন নথি দাখিল কৰিবলৈ নির্দেশ প্ৰেৰণ কৰিছে ৷
সেই অনুসৰি কলেজ শিক্ষকসকলৰ নিযুক্তি পত্ৰ,নেট-শ্লেট-পিএইছডিৰ নথি,শিক্ষক-শিক্ষার্থীৰ অনুপাত, নামভর্ত্তিৰ সংখ্যা,বর্তমান থকা শিক্ষকৰ সংখ্যা, খালী হৈ থকা পদৰ তথ্য আদি দাখিল কৰিবলৈ নির্দেশ দিছে ৷ অহা ৯ মার্চত অনুষ্ঠিত হ’বলগীয়া শিক্ষা বিভাগৰ বৈঠকত সঞ্চালক গৰাকীয়ে এই নথিসমূহ দাখিল কৰিব লাগিব ৷