চছল যুৱক সংঘৰ সৌজন্যত ৩৮ তম বাৰ্ষিক বৃহত্তৰ চছল ব’হাগী উৎসৱ ২০২৩ যোৱা ৮ আৰু ৯ বহাগ ২২ আৰু ২৩ এপ্ৰিল ২০২৩ সফল ভাৱে সামৰণি পৰে। উদযাপন সমিতিৰ বিষয়-বৱীয়া সকল ক্ৰমে কাৰ্যকৰী সভাপতি লুটফুৰ ৰহমান , কোষাধ্যক্ষ মোহন টেৰণ, সম্পাদক ঈশান বড়ো, মনোজ কুমাৰ ৰায় , তথা সমিতিৰ প্ৰতিজন সদস্যৰ অতি পৰিশ্ৰম আৰু ত্যাগৰ ফল স্বৰূপে দুয়োটি নিশাৰ অনুষ্ঠান সফল ৰূপায়ন হয়।
সভাপতি পৰাগ মহন্ত, উপদেষ্টা ক্ৰমে মুকুল শৰ্মা, ৰাজিৱ শইকীয়া, মানস প্ৰতিম তালুকদাৰ , গোবিন্দ টুমুং আৰু ড° হিৰোমণি শইকীয়াৰ বিশেষ সহযোগীতাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্যশৈলী অনুষ্ঠান দৃষ্টি নন্দন আৰু সকলোৰে আকৰ্ষণীয় কৰি তোলে ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান প্ৰাক্তন সভাপতি স্বৰ্গীয় ৰণজিৎ ক্ৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে অন্যতম উপদেষ্টা প্ৰীয়াক্ষী মহন্ত আৰু প্ৰয়াত ৰঞ্জিত ক্ৰ ৰ পৰিয়াল বৰ্গই।
উক্ত সাংস্কৃতিক অনুষ্ঠানত গুৱাহটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া , বিশিষ্ট সমাজ সংগঠক নৱ কুমাৰ মুদৈ, প্ৰশান্ত শইকীয়া , সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ মনপৰশা গীতে বিহুতলীত উপস্থিত পাঁচ সহস্ৰাধিক লোকক মন্ত্ৰ মুগ্ধ কৰি তোলে ৷ দুয়োটি নিশাৰ কাৰ্যসূচীৰ সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ টেৰণৰ পৰিচালনাৰে সফল সমাপ্তি ঘটে।