VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৭.৫ চি জি পি এ সহ চাৰিবছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে নামভর্ত্তি কৰিব পাৰিব পি এইচ ডিত, শীঘ্ৰে প্ৰৱর্তন হ’ব নতুন নিয়ম

voicedesk by voicedesk
March 17, 2022
in মুখ্য সংবাদ
৭.৫ চি জি পি এ সহ চাৰিবছৰীয়া স্নাতক ডিগ্ৰীধাৰীয়ে  নামভর্ত্তি কৰিব পাৰিব পি এইচ ডিত, শীঘ্ৰে প্ৰৱর্তন হ’ব নতুন নিয়ম
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

পি এইচ ডি পাঠ্যক্ৰমত নামভর্ত্তিৰ ক্ষেত্ৰত শীঘ্ৰে সাল-সলনি ঘটিব যোগ্যতাৰ ৷ এইক্ষেত্ৰত বিভিন্ন সংশোধনী আনিছে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-এ ৷ প্ৰস্তাৱিত সংশোধিত নিয়ম অনুসৰি, নিম্নতম ৭.৫ চিজিপিএ সহ  চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষার্থীসকলেও পিএইচডি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব ৷ তদুপৰি  ইউজিচিয়ে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট) অথবা জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ (নেট-জেআৰএফ) যোগ্যতা থকা শিক্ষার্থীৰ  বাবে উপলব্ধ আসনৰ ভিতৰত ৬০ শতাংশ সংৰক্ষণ কৰাৰো প্ৰস্তাৱ দিছে ৷ খচৰা ইউজিচি (পিএইচডি ডিগ্ৰী প্ৰদানৰ বাবে নিম্নতম মানদণ্ড আৰু প্ৰক্ৰিয়া) নিয়মাৱলী, ২০২২ যোৱা  ১০ মাৰ্চত অনুষ্ঠিত  আয়োগৰ ৫৫৬  তম বৈঠকত অনুমোদিত হৈছিল। খচৰাৰ নিয়মাৱলী শীঘ্ৰে  ৰাজহুৱা পৰামৰ্শৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে ৷

শেহতীয়া সিদ্ধান্ত অনুসৰি  নামভৰ্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰা নহ’ব ৷  যিহেতু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এম ফিল ডিগ্ৰী বন্ধ কৰা হ’ব আৰু চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী নতুনকৈ  প্ৰৱৰ্তন কৰা হ’ব সেয়েহে  যোগ্যতাৰ ক্ষেত্ৰত নীতি-নিয়ম সংশোধন কৰা হৈছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে একাধিক  বিকল্পৰ সৈতে ৪  বছৰীয়া স্নাতক ডিগ্ৰী আৰম্ভ কৰিব। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো আগশাৰীৰ  বিশ্ববিদ্যালয়ে ইতিমধ্যে এই বছৰৰ পৰাই এই কাৰ্যসূচীসমূহ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম  সম্পূৰ্ণ কৰাৰ পিছত, শিক্ষাৰ্থীসকলে গৱেষণা স্নাতক ডিগ্ৰী লাভ কৰিব।

 

নতুন প্ৰস্তাৱিত নিয়ম অনুসৰি, ন্যুনতম ৭.৫ চি জি পি এ  সহ গৱেষণাৰ সৈতে চাৰি বছৰীয়া স্নাতক ডিগ্ৰী থকা শিক্ষার্থীসকলে প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ সৈতে (চাৰি বছৰীয়া কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত) পিএইচডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্য হ’ব।ইউ জি চিৰ অধ্যক্ষ জগদেশ কুমাৰে কয়, “চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণে লাভজনক হ’ব । যিসকল শিক্ষার্থী গৱেষণাত আগ্ৰহী তেওঁলোকে অন্তিম বছৰত বহুমুখী গৱেষণা কৰিব  পাৰিব ৷ যিসকলে ৪ বছৰীয়া স্নাতক কাৰ্যসূচীত ভাল প্ৰদৰ্শন কৰে তেওঁলোকে পিএইচডি কাৰ্যসূচীত যোগদান কৰিবলৈ যোগ্য হ’ব। মই বিশ্বাস কৰোঁ যে ই আমাৰ দেশৰ গৱেষণাৰ ক্ষেত্ৰখনৰ পৰিৱেশ সলনি কৰিব।”

 

Previous Post

ৰাছিয়াই  ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত

Next Post

তিনি সন্তানৰ সৈতে বিমানত উঠাত বাধা লকআপ ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগী কৰণবীৰৰ পত্নীক, কিয় আৱদ্ধ হৈ থাকিব লগীয়া হ’ল তিজয়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
তিনি সন্তানৰ সৈতে বিমানত উঠাত বাধা  লকআপ ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগী কৰণবীৰৰ পত্নীক, কিয় আৱদ্ধ হৈ থাকিব লগীয়া হ’ল তিজয়

তিনি সন্তানৰ সৈতে বিমানত উঠাত বাধা লকআপ ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগী কৰণবীৰৰ পত্নীক, কিয় আৱদ্ধ হৈ থাকিব লগীয়া হ’ল তিজয়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7