উত্তৰ ভাৰতত এতিয়া প্ৰচণ্ড শীতৰ প্ৰকোপ ৷ ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ ৷ ইতিমধ্যে দিল্লীৰ তাপমাত্ৰা ৫ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে। দেওবাৰে দিল্লীৰ সৰ্বনিম্ন উষ্ণতা আছিল ৫.৩ ডিগ্ৰী চেলছিয়াছ। কোনো কোনো ঠাইত পাৰাস্তম্ভ ৩ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে ৷ এই পৰিমাণ স্বাভাৱিকতকৈ ৪.৯ ডিগ্ৰী তলত। ঘন কুঁৱলীয়ে অহা কেইদিনমানৰ বাবে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চল সামৰি ল’ব। বৰ্তমান এই ৰাজ্যসমূহৰ গড় উষ্ণতা ৩ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ।
শীতকালৰ বাবে পাটনাত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। মৌসম ভৱনৰ মতে উত্তৰ ভাৰতত এই মুহূৰ্তত উষ্ণতা বৃদ্ধিৰ কোনো সম্ভাৱনা নাই। বৰঞ্চ অহা কেইদিনমানৰ ভিতৰত পাৰাস্তম্ভ অধিক হ্ৰাস হ’ব পাৰে ৷দিল্লী, চণ্ডীগড়, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ ৰাজস্থান, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক ২৪ ঘন্টাত তীব্ৰ ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ ভাৰতত ঠাণ্ডা বৃদ্ধি পালেও পশ্চিমবংগত এতিয়াও প্ৰভাৱ পৰা নাই শীতকালৰ ৷ বিগত কিছুদিন ধৰি কলকাতা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ তাপমাত্ৰা বৃদ্ধি পাইছে। বৰদিনৰ দিনা ৰাতিপুৱা কুঁৱলী পৰিলেও দিনৰ ভাগত উষ্ণতা বৃদ্ধি পায় ৷ সোমবাৰেও কলকাতাৰ উষ্ণতা ৩ ডিগ্ৰী বৃদ্ধি পায়। সৰ্বনিম্ন উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। যিটো স্বাভাৱিকতকৈ ৬ ডিগ্ৰী বেছি। অৱশ্যে বতৰ বিজ্ঞানীসকলে আশাবাদী যে সপ্তাহৰ শেষৰ ফালে ৰাজ্যখনলৈ শীত নামি আহিব ৷