জি-২০ গ্ৰুপৰ পৰ্যটন বৈঠক কাশ্মীৰত অনুষ্ঠিত হৈছে। এই বৈঠক সোমবাৰৰ পৰা বুধবাৰলৈ অনুষ্ঠিত হ’ব ৷ এই বৈঠকত বিভিন্ন দেশৰ কমেও ৬০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সভাৰ বাবে সমগ্ৰ উপত্যকাখন সজ্জিত কৰি তোলা হৈছে। ২০১৯ চনত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে তাত আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কেৱল দেশৰ ভিতৰতে নহয়, আন দেশৰ পৰাও আপত্তি উত্থাপন কৰিছিল। ভাৰতে কাশ্মীৰৰ শান্তি, স্থিৰতা আৰু সৌন্দৰ্য্য বিদেশী অতিথিৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব জি-২০ বৈঠকৰ জৰিয়তে ৷
শ্ৰীনগৰৰ দাল হ্ৰদৰ গাতে লাগি থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হৈছে এই বৈঠক। চাৰিওফালৰ অঞ্চল বিভিন্ন ধৰণেৰে সজোৱা হৈছে। এই বৈঠকত ভাৰতৰ দায়িত্বত থকা হৰ্ষবৰ্ধন শ্ৰিংলাই কয় যে জি-২০ বৈঠকৰ আয়োজক দেশ হিচাপে ভাৰতত মুঠ ১১৮খন বৈঠক বিভিন্ন স্তৰত অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব এই বৈঠক। ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব ইয়াৰ মুল সন্মিলন। বিদেশী অতিথিসকলৰ নিৰাপত্তাৰ দিশটো মনত ৰাখি এই বৈঠকত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। নিৰাপত্তাৰ বাবে সামৰিক, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) নিয়োগ কৰা হৈছে ৷দেওবাৰে এন আই এয়ে কুপৱাৰাকে ধৰি কাশ্মীৰৰ কেইবাটাও স্থানত তালাচী চলাই সন্ত্ৰাসবাদীৰ চোৰাংচোৱা বুলি সন্দেহ কৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। নাৱেৰে দাল হ্ৰদতো তালাচী চলোৱা হৈছে।
এই বৈঠকত চীন আৰু তুৰস্কৰ প্ৰতিনিধি উপস্থিত নাই । ছৌদি আৰবেও এই বৈঠকত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰা নাছিল। শুকুৰবাৰে সংবাদমেলত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে তেওঁলোকে ‘বিবাদিত’ কাশ্মীৰ ভূখণ্ডত জি-২০ পৰ্যটন মন্ত্ৰীসকলৰ আগন্তুক বৈঠকত অংশগ্ৰহণ নকৰে। তেওঁ কয়, ‘জি-২০ বৈঠক বিতৰ্কিত স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চীনে।’ চীনৰ এই মন্তব্যৰ পিছত ভাৰতে কঠোৰ ভাষাৰে উত্তৰ দিয়ে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিলে যে ভাৰত চৰকাৰে নিজৰ দেশৰ ভিতৰতে ক’ত সন্মিলন অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। এই ক্ষেত্ৰত আন কোনো দেশৰ পৰামৰ্শ গ্ৰহণ কৰা নহ’ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা অংশই চীনৰ এই স্থিতিৰ আঁৰত পাকিস্তানৰ ‘অদৃশ্য হাত’ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে