অধিবক্তা সমাজৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ছয়মহীয়া কাৰ্যকালতে লোৱা পদক্ষেপসমূহৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা প্ৰকাশ কৰিছে সদৌ অসম উকীল সন্থাই। আজি গুৱাহাটীত এখন সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে অধিবক্তা সকলৰ কল্যাণৰ বাবে পূৰ্বৰ কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কিন্তু অধিবক্তা সকলৰ এখন স্মৰকপত্ৰ লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে আইন সচিবৰ সৈতে আলোচনা কৰি কেইবাটাও ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে। সাংবাদমেলত তেওঁ মুখ্যমন্ত্ৰী গৰাকীয়ে অধিবক্তা সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়ে উল্লেখ কৰি কয় “যোৱা ৯নবেম্বৰত আইন সচিব গৰাকীয়ে এখন পত্ৰৰ জৰিয়তে বৈঠকত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰিছে। সেই অনুসৰি কৰপাচ পুঁজিৰ বাবে বাজেটত ৫কোটি টকা নিৰ্দ্ধাৰণ কৰিবলৈ নির্দেশ দিয়ে। ভূমিহীন অধিবক্তাসকলৰ বাবে হাউছিং কলনীৰ ভূমি আবন্টন দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। এয়া আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল।তদুপৰি প্ৰাৰ্থনা আঁচনিৰ অধীনত কভিডত মৃত্যুবৰণ কৰা অধিবক্তা সকলক অধিক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।তদুপৰি উকীল সন্থাৰ কাৰ্যালয়ত কভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈয়ো নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ বলিষ্ঠ আৰু নিৰ্ভৰযোগ্য।” আনহাতে প্ৰশাসনীয় সংস্কাৰৰ বাবে ডঃ শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয় উকীল সন্থাই। অৱশ্যে সাধাৰণ ৰাইজক সকাহ দিবলৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পোষকতা কৰি দাসে ষ্টাম্প ডিউটি বৃদ্ধি কৰা বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰক।